নিউজ ডেস্ক: সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)-ৰ এটা দলে শুকুৰবাৰে এক অভিযান চলাই কৰিমগঞ্জ জিলাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।

প্ৰাপ্ত তথ্য মতে এক বিশেষ সূত্ৰৰ পম খেদি বি এছ এফৰ এটা দলে কৰিমগঞ্জ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নন্দপুৰৰ সমীপত এক অভিযান চলাই এখন চাৰি চকীয়া বাহনৰ পৰা ড্ৰাগছখিনি জব্দ কৰে।

অভিযানকাৰী দলটোৱে বাহনখনৰ পিছৰ চীটত লুকুৱাই অনা য়াবা টেবলেট আৰু ১.৫ কেজি ওজনৰ দুই বেগ গাঞ্জা উদ্ধাৰ কৰে। মুঠ ১,৬৪০টা য়াবা টেবলেট ৭টা ক’লা ৰঙৰ পেকেটত ভৰাই আনিছিল।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক আব্দুল ছুক্কুৰ বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক – বাঘৰ আতংকত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গঁঞাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply