ছয়গাঁও : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ছয়গাঁৱতো দেখা পোৱা গৈছে শাৰদীয় দুৰ্গোৎসৱৰ উলহ মালহ। ছয়গাঁও শাৰদীয় দুৰ্গাপূজাস্থলীত দেখা গ’ল ব্যতিক্ৰমী প্ৰয়াস।

ছয়গাঁও ৰাসক্ষেত্ৰত অনুষ্ঠিত হোৱা শাৰদীয় দুৰ্গোৎসৱৰ বিশেষ আকৰ্ষণ হৈছে ৩৫ ফুট উচ্চতাৰ মহিসাসুৰৰ মূৰ্তি। প্ৰায় ১২ লাখ টকা বাজেটেৰে ক’ভিড প্ৰটকল মানি উদযাপন কৰিবলৈ লোৱা দুৰ্গাপূজাস্থলীৰ মূল গেটত সাজি উলিওৱা হৈছে মহিসাসুৰৰ এই প্ৰকাণ্ড মুখাখন।

পুৱা বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী বীৰেণ সিংহই পূজা মণ্ডপৰ মুখ্যদ্বাৰ উদ্ধোধন কৰে।

আনহাতে ছয়গাঁৱৰ ৰাজপথেৰে এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ছয়গাঁৱৰ ঘাইপথেৰে উলিওৱা শোভাযাত্ৰাটোৰ অন্যতম আকৰ্ষণ আছিল ৰাৱণ আৰু মহিসাসুৰৰ যুদ্ধ।

সন্ধিয়া মানৱ প্ৰতিমা প্ৰদৰ্শনৰ শুভাৰম্ভ কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে।

দক্ষিণ কামৰূপৰ দখলা অগ্ৰগামী সাংস্কৃতিক দলৰ মানৱ প্ৰতিমা প্ৰদৰ্শন হৈছে ছয়গাঁও শাৰদীয় দুৰ্গোৎসৱৰ অন্যতম আকৰ্ষণ। সপ্তমিৰ দিনা সহস্ৰাধিক লোকে উপভোগ কৰে এই মানৱ প্ৰতিমা প্ৰদৰ্শন।

দুৰ্গাপূজা উপলক্ষে প্ৰকাশ কৰি উলিওৱা শাকম্ভৰী নামৰ মুখপত্ৰখন উন্মোচন কৰে ছয়গাঁও ৰাজহ চক্ৰ বিষয়া সৰোজ সোণোৱালে। অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা উপস্থিত থাকে ৷

লগতে পঢ়ক : শ্বিলঙৰ শিখ সম্প্ৰদায়ৰ উচ্ছেদ; কনৰাড চাংমাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply