ছয়গাঁও : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰেই বলি বিধানৰ বৈদিক পৰম্পৰাৰে দক্ষিণ কামৰূপৰ ঐতিহাসিক শক্তিপীঠ চণ্ডিকা দেৱালয়তো অনুষ্ঠিত হোৱা শাৰদীয় দুৰ্গোৎসৱৰ অষ্টমীৰ দিনা পুৱাৰে পৰা অগণন লোকৰ সমাগম ঘটে।

ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ দেৱালয়ত উপস্থিত হৈ দেৱীৰ আশিষ লৈ সকলোৰে মংগল কামনা কৰি ৰাইজৰ বিপুল সহাৰি আৰু শৃংখলাবদ্ধতা দেখি অভিভূত হৈ পৰা বুলি মন্তব্য কৰে

বিগত সময়ত ক’ভিড মহামাৰীৰ বাবে দুৰ্গোৎসৱ উদযাপিত হোৱা নাছিল। এইবেলি বিভিন্ন নিয়মৰ মাজেৰে উদযাপিত হলেও মা চণ্ডিকা দেৱালয়ত ভক্তপ্ৰাণ ৰাইজে দেৱীৰ আশিষ লোৱাৰ বাবে ভিৰ কৰে।

ছাগলী, হাঁহ পাৰ আদিৰ বলি বিধানেৰে অষ্টমীৰ দিনা দেৱালয়ৰ চৌপাশ লোকে লোকাৰণ্য হৈ পৰে।

লগতে পঢ়ক : ভাৰত-ভূটান সীমান্তত ২০০কেজি গুলী-বাৰুদ অৱশিষ্ট উদ্ধাৰ, ২জনক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply