গুৱাহাটী: গুৱাহাটী মহানগৰীত আজি অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ এগৰাকী উচ্চ পদস্থ বিষয়াই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহানগৰীৰ ভেটাপাৰাৰ প্ৰাগজ্যোতিষ হাউচিং নামৰ এটা হাউচিং কম্প্লেক্সত বিষয়া গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
নিহত বিষয়া গৰাকীক হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ উপ সঞ্চালক বিপুল কলিতা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে প্ৰাগজ্যোতিষ হাউচিং কম্প্লেক্সৰ নিজ বাসগৃহতে বিষয়া গৰাকীয়ে আত্নহত্যা কৰে।
আনহাতে, বাসগৃহৰ এটা কোঠাৰ পৰা তেওঁৰ মৃতদেহৰ লগতে আত্মহত্যাৰ পূৰ্বে তেওঁ লিখি থৈ যোৱা এখন চুইচাইড নোট উদ্ধাৰ কৰা হয়।
জানিব পৰা মতে চুইচাইড নোটখনত তেওঁ সুৰেশ নেওগ আৰু মৃদুল নাথ নামৰ দুজন ব্যক্তিৰ বাবেই এই পথ বাছি ল’বলৈ বাধ্য হোৱা বুলি উল্লেখ কৰিছে।
উক্ত ব্যক্তি দুজনে তেওঁক বিশ্বাসঘাটকতা কৰা বুলি কলিতাই চুইচাইড নোটত উল্লেখ কৰিছে।
লগতে পঢ়ক – ‘মিছাইল মেন’ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ আজি জন্মদিন