দেৰগাঁও : ভ্ৰাম্যমান থিয়েটাৰৰ বাবে এছঅ’পি জাৰি। শুকুৰবাৰে দেৰগাঁৱত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই সংবাদমেলত ভ্ৰাম্যমানৰ এছঅ’পিৰ কথা ঘোষণা কৰে।

অসমত আজিৰ পৰা ক’ভিডৰ নীতি-নিৰ্দেশনা মানি ভ্ৰাম্যমান থিয়েটাৰৰ নাট প্ৰদৰ্শনী মুকলি।

প্ৰতিগৰাকী শিল্পী, কলা-কুশলী আৰু আয়োজক সমিতিৰ প্ৰতিজন সদস্যই ল’ব লাগিব ক’ভিডৰ দুয়োপালি প্ৰতিষেধক।প্ৰশাসনৰ ওচৰত প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব সকলোৱে।

কণ্টেইনমেণ্ট জ’ন বা অধিক সংক্ৰমণ হোৱা ঠাইত ভ্ৰাম্যমান নাট প্ৰদৰ্শনীৰ অনুমতি দিয়া নহ’ব। প্ৰেক্ষাগৃহত সামাজিক দূৰত্ব বৰ্তাই ৰাখি আসনৰ ব্যৱস্থা কৰিব লাগিব। প্ৰৱেশ পথত হেণ্ড ছেনিটাইজাৰ মজুত ৰাখিব লাগিব। প্ৰতিজন দৰ্শকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

মাস্ক নিপিন্ধাকৈ অহা দৰ্শকৰ বাবে প্ৰেক্ষাগৃহৰ প্ৰৱেশ পথত মাস্ক মজুত ৰাখিব লাগিব। নাট্য প্ৰদৰ্শনী সান্ধ্য আইনৰ আগতে সমাপ্ত কৰিব লাগিব বুলি এছঅ’পিত নিৰ্দেশ।

যদি ক’ভিড সংক্ৰমণ ব্যাপক হয় বা ইয়াতকৈ পৰিস্থিতি ভাল হয় তেনেহ’লে নীতি-নিৰ্দেশনা সলনি কৰা হ’ব বুলিও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীয়ে।

ক’ভিড প্ৰতিষেধক গ্ৰহণ আৰু ক’ভিডৰ নিয়মাৱলী সন্দৰ্ভত দৰ্শকক আয়োজক সমিতিয়ে সজাগ কৰিব লাগিব বুলিও স্বাস্থ্যমন্ত্রীয়ে সংবাদমেলত জানিবলৈ দিয়ে। উল্লেখ্য যে ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজকসকলৰ এটা প্ৰতিনিধি দলৰ সৈতে দুদিন পূৰ্বে আলোচনাত মিলিত হৈছিল স্বাস্থ্যমন্ত্ৰী।

লগতে পঢ়ক : সাংবাদিক মাৰিয়া ৰেছা আৰু দিমিত্ৰী মুৰাটভলৈ শান্তিৰ ন’বেল বঁটা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply