গুৱাহাটী: গুণোৎসৱ বৰ্জনৰ হুংকাৰ দিয়া শিক্ষক সমাজক ব্লেকমেইলিঙৰ আশ্ৰয় নল’বলৈ সকীয়নি দিছে শিক্ষা মন্ত্ৰী ৰণোজ পেগুই৷ সোমবাৰে শিক্ষা মন্ত্ৰীয়ে কয় যে অহা বৰ্ষৰ আৰম্ভণিতে ৰাজ্যত গুণোৎসৱ অনুষ্ঠিত হ’ব আৰু প্ৰতিজন চৰকাৰী শিক্ষকে গুণোৎসৱত সহায়-সহযোগ কৰিব লাগিব৷
উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলৰ মূল ৩টা দাবী ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ নহ’লে আগন্তুক গুণোৎসৱ বৰ্জনৰ হুংকাৰ দিছিল অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে৷ আজি শিক্ষা মন্ত্ৰীয়ে কয় যে গুণোৎসৱত ভাগ নলওঁ বুলি কোৱাটো ব্লেকমেইলিং কৰাৰ নিচিনা৷
এনেবোৰ কথা চৰকাৰে মানি নলয়৷ শিক্ষকসকলে গুণোৎসৱত ভাগ ল’বই লাগিব৷ ‘আমাৰ বহু সমস্যা আছে৷ শিক্ষক সমাজৰ দাবীবোৰ পৰ্যায়ক্ৰমে প্ৰণালীবদ্ধভাৱে আলোচনা কৰি আমি সমাধানৰ চেষ্টা চলাম৷ বহু সমস্যা আছে, যিবোৰ ঐতিহাসিক। সেইবোৰ আজিৰ সমস্যা নহয়।
আমাৰ প্ৰাথমিক বিদ্যালয়সমূহত স্বাধীনতাৰ ৭০ বছৰে প্ৰধান শিক্ষকৰ পদ নাই৷ এইবোৰ সমস্যাৰ সমাধান একেদিনাই একে ৰাতিৰ ভিতৰত সমাধান নহয়৷’– এইদৰে কয় শিক্ষা মন্ত্ৰী ৰণোজ পেগুই৷ শিক্ষা মন্ত্ৰীয়ে আৰু কয় যে ৰাজ্য চৰকাৰখন শিক্ষা খণ্ডৰ বা শিক্ষক সমাজৰ প্ৰতিটো সমস্যাক লৈ দায়বদ্ধ৷
চৰকাৰে এটাৰ পাছত আন এটা সমস্যা সমাধান কৰি গৈ আছে বুলি তেওঁ কয়৷ প্ৰশাসনিকভাৱে চৰকাৰে যি কৰিব লাগে সেয়া কৰি গৈ আছে বুলিও শিক্ষা মন্ত্ৰী ৰণোজ পেগুই জনায়৷
উল্লেখযোগ্য যে প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তি, স্নাতক শিক্ষকৰ পূৰ্বৰ গ্ৰেড পে’ ঘূৰাই দিয়া আৰু ঠিকাভিত্তিক শিক্ষকসকলৰ সমস্যা সমাধান কৰা এই মূল তিনিটা দাবী ৩১ ডিচেম্বৰৰ ভিতৰত সমাধান কৰিবলৈ চৰকাৰক সময়সীমা বান্ধি দিছিল অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে৷
আনহাতে আজি সন্মিলনীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷ নতুন পেঞ্চন নীতি বাতিল, সৰ্বশিক্ষা-সমগ্ৰ শিক্ষাৰ অন্তৰ্গত ঠিকাভিত্তিক শিক্ষকসকলৰ সমস্যা সমাধান, নতুন শিক্ষানীতিত থকা শিক্ষক বিৰোধী নীতি আদি বাতিলৰ দাবীৰে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে৷
লগতে পঢ়ক – চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা মাৰ্ঘেৰিটাৰ এখন ভিতৰুৱা গাঁৱৰ কৰুণ গাথা