গুৱাহাটী: ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুয়ে বিদ্যালয়ৰ আন্তঃগাঠনি উন্নয়ণৰ বাবে দান-বৰঙণি বিচাৰি লিখা এখন পত্ৰই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পত্ৰত শিক্ষা মন্ত্ৰীয়ে ভাৰত চৰকাৰৰ ‘বিদ্যাঞ্জলী ২.০’ আঁচনিৰ অধীনত বিদ্যালয়সমূহত সামগ্ৰীৰ প্ৰয়োজন পূৰণৰ বাবে বিধায়কসকল অনুৰোধ জনায়।
পত্ৰত মন্ত্ৰী গৰাকীয়ে বিধায়কসকলক সমষ্টিৰ অধীনৰ যিসমূহ বিদ্যালয়ত আন্তঃগাঠনিৰ অভাৱ আছে তেনে বিদ্যালয়সমূহৰ বাবে আৰ্থিক সহযোগিতা বা সামগ্ৰী দান কৰিবলৈ পৰিচিত ব্যক্তি, প্ৰতিষ্ঠান, সামাজিক সংগঠন আদিক ‘অনুপ্ৰাণিত’ কৰিবলৈ আহ্বান জনায়।
”ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে ‘বিদ্যাঞ্জলী ২.০’ নামেৰে এখন বিশেষ আঁচনি মুকলি কৰিছে। বিদ্যালয়ৰ মানদণ্ড উন্নীত কৰাৰ লক্ষ্যৰে স্বেচ্ছাই যিকোনো ব্যক্তি, অৱসৰপ্ৰাপ্ত বিষয়া, ব্যৱসায়ী, যুৱসমাজ, সামাজিক সংগঠন তথা ব্যক্তিগত খণ্ড আদিয়ে বিদ্যালয় এখনক সহযোগিতা আগবঢ়োৱাটো হৈছে এই আঁচনিৰ মূল উদ্দেশ্য। এই ক্ষেত্ৰত http://vidyanjali.education.gov.in/en পোৰ্টেলত পঞ্জীয়নৰ জৰিয়তে অনুদান তথা সেৱাসমূহ উক্ত অনুষ্ঠান তথা ব্যক্তিসকলে আগবঢ়াব পাৰিব,” পত্ৰত এইদৰে কয় মন্ত্ৰী ৰণোজ পেগুয়ে।
অৱশ্যে শিক্ষা মন্ত্ৰীৰ উক্ত পত্ৰক লৈ এতিয়া বিৰোধী দলসমূহে চৰকাৰক সমালোচনা কৰাত নামি পৰিছে। গোৱালপাৰা পশ্চিম সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুছ ৰছিদ মণ্ডলে শিক্ষা মন্ত্ৰীৰ পত্ৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, ‘’এই পত্ৰৰ দ্বাৰা চৰকাৰৰ অৰ্থনৈতিক দুৰৱস্থা প্ৰতিপন্ন হৈছে। বিদ্যালয়সমূহ পৰিচালনা কৰিবলৈ চৰকাৰৰ পুঁজিৰ অভাৱ ঘটিছে। এই চিঠিৰ দ্বাৰা চৰকাৰে সংবিধান বিৰোধী আৰু শিক্ষাৰ অধিকাৰ আইনৰ পৰিপন্থী কাম কৰিছে।‘’
আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই শিক্ষা মন্ত্ৰীৰ উক্ত পত্ৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে স্বাধীনতা দিৱসত শিক্ষাখণ্ডৰ বাবে দহ হাজাৰ কোটি ঘোষণা কৰা চৰকাৰৰ পুঁজিৰ অভাৱ ঘটিছে ।
‘’দুৰ্বল আন্তঃগাথঁনিৰ বাবেই ছাত্ৰ ছাত্ৰী ব্যক্তিগত বিশ্ববিদ্যালয়লৈ যায়। চৰকাৰী বিদ্যালয় ৰাইজেই পাতিছিল। চৰকাৰে নোৱাৰিলে হাত দাঙি দিয়ক,ৰাইজে চম্ভালি ল’ব,’’ বৰুৱাই কয়।
লগতে পঢ়ক – GuwahatiUniversity:পৰীক্ষাৰ ৰিজাল্ট দিয়াত পলম কৰাৰ বাবে পৰীক্ষা নিয়ন্ত্ৰকক নিলম্বন