বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতৰ বিশিষ্ঠ শিক্ষাবিদ তথা প্ৰতিষ্ঠিত সমাজকৰ্মী গোবিন্দ চন্দ্ৰ দলেৰ দেহাৱসান। সোমবাৰে পুৱা বোকাখাতৰ কৈল্যাণপুৰস্থিত নিজা বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে।

শাৰীৰিক অসুস্থতাৰ বাবে দীৰ্ঘদিনৰ পৰা ঘৰতে চিকিৎসাধীন অৱস্থাত থকা শিক্ষাবিদ গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৯ বছৰ।

১৯৪৩ চনত বোকাখাত মহকুমাৰ এক আওহতীয়া, বানপীড়িত আৰু গড়াখহনীয়া অঞ্চল ৰূপে পৰিগণিত মহুৰা মৌজাৰ মাজদলপা গাৱঁৰ এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা গোবিন্দ দলে বোকাখাতৰ দপৰীয়া অঞ্চলৰ প্ৰথম আৰু একমাত্ৰ জনজাতীয় সন্তান যিয়ে তিনিবাৰকৈ মাষ্টাৰ্চ আৰু বি এড-এম এড ডিগ্ৰীধাৰী আছিল।

উচ্চ শিক্ষিত হোৱাৰ লগতে এগৰাকী দক্ষ খেতিয়ক ৰূপেও পৰিচিত আছিল বিশিষ্ট শিক্ষাবিদ গৰাকী।

১৭ বছৰ কাল বোকাখাতৰ আগশাৰীৰ শিক্ষানুষ্ঠান জে ডি এছ জি মহাবিদ্যালয়ত অধ্যাপনা আৰু গোলাঘাট কমাৰ্চ কলেজৰ প্ৰতিষ্ঠাপক তথা প্ৰবক্তা হিচাপে কাম কৰাৰ উপৰিও প্ৰয়াত শিক্ষাবিদ গৰাকীয়ে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নিমন্ত্ৰিত শিক্ষক, কমাৰগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্য তথা শিক্ষাদানত জড়িত, বোকাখাত জে ডি এছ জি মহাবিদ্যালয় গবৰ্ণিং বডিৰ অন্যতম সদস্য, কমাৰগাঁও মহাবিদ্যালয় গবৰ্ণিং বডিৰ সভাপতি হোৱাৰ লগতে একেধাৰে মিচিং জনজাতিৰ ভাষা সংস্কৃতিৰ ওপৰত অগাধ দখল থকা ব্যক্তিৰূপে “মিচিং আগম কেবাঙ”ৰ কেন্দ্ৰীয় সদস্য ৰূপেও কাৰ্যনিবাহ কৰিছিল।

২০০৬ চনৰ পৰা বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ চলাই থকা প্ৰয়াত শিক্ষাবিদ গৰাকীয়ে ৭৯ বছৰীয়া জীৱন পৰিক্ৰমাত অসমৰ কেইবাখনো উচ্চশিক্ষাৰ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক হোৱাৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

শিক্ষানুষ্ঠানৰ উপৰিও বিভিন্ন সামাজিক, সাংস্কৃতিক তথা সাহিত্যানুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অঞ্চলবাসীৰ লগতে বিভিন্ন দল সংগঠন তথা স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিষ্ঠানে।

লগতে পঢ়ক – মহামৃত্যুঞ্জয় মন্দিৰত নিয়োজিত স্থানীয় কৰ্মচাৰীক বহিষ্কাৰ কৰাৰ অভিযোগত প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply