আজি ঘোষনা কৰা হ’ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা ১২৬খন আসনত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈ গৈছে।
তিনিটা পৰ্য্যায়ত অনুষ্ঠিত হোৱা এইবাৰৰ নিৰ্বাচনত মূঠ ৯৪৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।
বিভিন্ন এক্সিট প’লে দিয়া ভৱিষ্যদ্বাণী অনুসৰি এইবাৰ নিৰ্বাচনত মূল যুঁজখন হ’ব বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ মাজত।
বিজেপি মিত্ৰোজোঁটত আছে আছে অসম গণপৰিষদ আৰু ইউপিপিএল।
কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত আছে এআইইউডিএফ, আঞ্চলিক গণমৰ্চা, চিপিআই, চিপিআই(এম), চিপিআইএম(এল), বিপিএফ আৰু আৰজেডি।
ইয়াৰ উপৰি আছে দুটা নতুন দল অসম জাতিয় পৰিষদ আৰু ৰাইজৰ দল।
নিৰ্বাচন আয়োগৰ results.eci.gov.in-ত গৈ প্ৰতি মুহূৰ্ততে প্ৰতি সমষ্টিৰ ফলাফল লাভ কৰিব পাৰিব।
অসমৰ উপৰি পশ্চিমবংগ, কেৰেলা, তামিলনাডু আৰু পুদুচেৰিত আজি ফলাফল ঘোষনা হ’ব।