ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়ে
ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়ে

নিউজ ডেস্ক– তিনিটা পৰ্যায়ত হ’বলগা অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই জনোৱা মতে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নথকাসকলেও ভোটদান কৰিব পাৰিব। কিন্তু ভোট দিব নোৱাৰিব ডি ভোটাৰসকলে। ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বৰ্তমান ৰাজ্যত থকা ১.০৮ লাখ ডি ভোটাৰ বঞ্চিত হ’ব। যোৱাবছৰ বিধানসভাত দাখিল কৰা ১.১৩ লাখ ডি ভোটাৰৰ তুলনাত এই সংখ্যা চলিত বৰ্ষত হ্ৰাস পাইছে।

এইবাৰ নিৰ্বাচনত মুঠ ২,৩২,৪৪,৪৫৪ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ পাব। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১,১৭,৪২,৬৬১ জন, মহিলা ভোটাৰ ১,১৪,৪৩,২৫৯ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৪৪২জন। ক’ভিড প্ৰটকলৰ মাজত মুঠ ৩৩,৫৩০টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ইফালে ভোটগ্ৰহণক লৈ অতিৰিক্ত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাহুল দাসে জনোৱা কেতবোৰ বিশেষ নীতি–নিৰ্দেশনাৰ কথা উল্লেখ কৰিছে ।

Also read: https://assam.eastmojo.com/assam-headline/2021/02/28/assam-election-commission-press-conference-at-guwahati/

ক’ভিড আক্ৰান্তই শেষৰ ঘণ্টাত পাব ভোটদানৰ সুবিধা। ক’ভিড আক্ৰান্তৰ লগতে প’লিং বিষয়াৰ বাবে থাকিব পি পি ইকীট । ভোটৰ সময় হ’ব পুৱা ৭ বজাৰ পৰা ৬ বজালৈ। বি এল অ ৰ পৰা লাভ কৰিব পোষ্টেল বেলটৰ আবেদন। অধিসূচনা জাৰি কৰাৰ ৫ দিনৰ ভিতৰত দাখিল কৰিব লাগিব আবেদন। প্ৰতিটো ভোটকেন্দ্ৰত ভোটাৰৰ বাবে থাকিব থাকিব থাৰ্মেল স্কেনৰ ব্যৱস্থা। ঘৰে ঘৰে পাঁচ জনকৈ যোৱাৰ অনুমতি। ছ’চিয়েল মিডিয়াৰ ওপৰত থাকিব কঠোৰ নিৰীক্ষণ। কনভয়ত পাঁচখন বাহনৰ মাজত থাকিব লাগিব দূৰত্ব। প’লিং বিষয়াসকলক নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা হ’ব ক’ভিড ভেকচিন। ইয়াৰ বাবে প্ৰয়োজন হ’ব প্ৰায় ৪ লাখ ভেকচিনৰ। প্ৰতিজন প্ৰাৰ্থীয়ে অৱগত কৰিব লাগিব ছ’ছিয়েল মিডিয়াৰ একাউণ্টৰ সবিশেষ। অপিনিয়ন পোলৰ ক্ষেত্ৰত নাই বাধ্যবাধকতা। ষ্টাৰ কেমম্পেনাইৰ পঞ্জীয়ন ভুক্ত দলৰ বাবে ৪০ জন। অপঞ্জীয়নভুক্ত দলৰ বাবে ষ্টাৰ কেম্মেনাইনাৰ ২০ দিন। ষ্টাৰ কেম্পেইনাৰৰ ব্যয় দলৰ নামত ধৰা হয়। জেদ প্লাছ নিৰাপত্তা থকা কেম্পেনাইৰে অতিৰিক্ত ভাবে লাভ কৰিব আন এখন বাহন। ষ্টাৰ কেম্পেনাইৰৰ ব্যয নিজৰ সমষ্টিত হ’লে প্ৰাৰ্থীৰ একাউণ্টতে ধৰা হ’ব। ব্যক্তিগত পৰ্যায়ত প্ৰাৰ্থীক সমালোচনা কৰিব নোৱাৰিব ৰাজনৈতিক নেতাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply