নিউজ ডেস্ক– নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব বহু কেইগৰাকী হাই প্ৰফাইল নেতা। বিজেপিৰ হৈ অসমত নিৰ্বাচনীৰ প্ৰচাৰ চলাব বহুকেইগৰাকী ষ্টাৰ কেম্পেইনাৰে । 

১৪ মাৰ্চত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনীৰ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মা, নাজিৰাৰ প্ৰাৰ্থী ময়ুৰ বুঢ়াগোহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব।

১৫ মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ঢকুৱাখানাৰ প্ৰাৰ্থী নৱ দলে, চতিয়াৰ প্ৰাৰ্থী পদ্ম হাজৰিকা, বৰচলাৰ প্ৰাৰ্থী গনেশ কুমাৰ লিম্বুৰ হৈ আৰু শিৱৰাজ সিং চৌহানে নাহৰকটীয়াৰ প্ৰাৰ্থী তৰংগ গগৈ, দুলীয়াজানৰ প্ৰাৰ্থী তেৰছ গোৱালা, ডিব্ৰুগড়ৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ সভাত ভাগ ল’ব।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে এপষেকতে দ্বিতীয়বাৰৰ বাবে ১৭ মাৰ্চত পুনৰ অসমলৈ আহি মাজুলীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, শদিয়াৰ প্ৰাৰ্থী বলীন চেতিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব।

বিজেপিৰ ৰাষ্ট্ৰীয় নেতাসকলৰ এনেধৰণৰ আগমনে নিশ্চিতভাৱে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ গতিক অধিক তৰান্বিত তথা শক্তিশালী কৰি তুলিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply