নিউজ ডেস্কঃ অসম বিধানসভা নির্বাচন মুক্ত–নিকা–সুৰক্ষিত ভাবে সম্পন্ন কৰাৰ বাবে সাজু হৈছে৷ দেশৰ নির্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ পাছতেই তিনিটা পর্যায়ত হ’বলগীয়া বিধানসভা নির্বাচনক লৈ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয় তৎপৰ হৈ পৰিছে৷
ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই এখন সংবাদ মেলত আগন্তুক বিধানসভা নির্বাচনৰ প্রস্তুতি সম্পর্কীয় কেতবোৰ গুৰুত্বপূর্ণ তথ্য সদৰী কৰে৷ মুখ্য নির্বাচনী বিষয়া গৰাকীয়ে প্রকাশ কৰা অনুসৰি এইবাৰ ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ২,৩১,৮৬,৩৬২জন৷ ইয়াৰে ১,১৭,৪২,৬৬১জন পুৰুষ হোৱাৰ বিপৰীতে ১,১৪,৪৩,২৫৯গৰাকী মহিলা৷ তদুপৰি ডি ভোটাৰৰ সংখ্যা হ’ল ১,০৮,৫৯৬জন৷ সেইদৰে মুঠ ভোটাৰৰ ১,৩২,০৮১জন দিব্যাংগ আৰু ২,৯০,৬৭৭জন আশী বছৰৰ ঊর্ধ্বৰ জ্যেষ্ঠ নাগৰিক৷ ৪৪২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ৷
এইবাৰ মুঠ ভোটাৰৰ ৫,০৫,৮৭৪জনেই হৈছে নৱপ্রজন্মৰ৷ অর্থাৎ এইসকল ভোটাৰৰ বয়স হ’ল ১৮–১৯ বছৰ৷
এইবাৰ সমগ্র ৰাজ্যত ৩৩,৫৩০টা ভোটগ্রহণ কেন্দ্র থাকিব৷ ইয়াৰে ৫,৩২৫টা ‘অক্সিলেৰী প’লিং ষ্টেচন’৷ ভোটগ্রহণ কেন্দ্রত নিয়োজিত হ’বলগীয়া ২,৪১,২৬৯জন বিষয়া–কর্মচাৰীক প্রয়োজনীয় প্রশিক্ষণ প্রদান কৰিবৰ বাবে সাজু হৈছে বুলি নিৰ্বাচন আয়ুক্তই জানিবলৈ দিয়ে৷
নিৰ্বাচনৰ বাবে শেহতীয়াকৈ কেন্দ্রীয় সশস্ত্র বাহিনীৰ ৪০টা অতিৰিক্ত কোম্পানী অসমলৈ অনুমোদন জনোৱা হৈছে৷ এই ৪০টা অতিৰিক্ত কোম্পানী ইতিমধ্যে মোতায়েন কৰাৰ উপৰি আৰু কেন্দ্রীয় সশস্ত্র বাহিনীৰ দল অসমলৈ অহাৰ সম্ভাৱনা আছে৷
ইতিমধ্যে ক’ৰোনা প্রতিৰোধকল্পে ব্যবহাৰ কৰিব লগা বিভিন্ন সা–সামগ্রী মজুত কৰিছে ইতিমধ্যে প্রায়সংখ্যক জিলালৈ প্রেৰণ কৰা হৈছে সামগ্ৰীসমূহ ৷ অহা ৫ মার্চৰ ভিতৰত এই সা–সামগ্রীসমূহ প্রতিখন জিলালৈ প্রেৰণ কৰা কৰিব৷ নির্বাচনী প্রক্রিয়াত ক’ভিড প্রট’কল কঠোৰভাৱে বলৱৎ কৰা হ’ব৷ ক’ভিড প্রট’কল উলংঘা কৰাসকলৰ বিৰুদ্ধে দুর্যোগ প্রশমন আইন, ২০০৫ৰ উপৰি ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা লোৱা হ’ব৷
প্ৰচাৰৰ ক্ষেত্ৰত নির্বাচন আয়োগে নির্দিষ্ট কৰি দিয়া ৰাজ্যৰ মুঠ ২,০২৯খন ফিল্ডতহে ৰাজনৈতিক দলসমূহে জনসভা অনুষ্ঠিত কৰিব পাৰিব৷ ইয়াৰ বাবে অনলাইনযোগে আবেদন কৰিব লাগিব ৰাজনৈতিক দলসমূহে৷ যিয়ে প্রথমে আবেদন কৰে, সেই ৰাজনৈতিক দলেহে এইক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিব৷ ৰাজনৈতিক দল আৰু প্রার্থীসকলক ঘৰে ঘৰে প্রচাৰ চলোৱাৰ অনুমতি দিয়া হ’ব যদিও নিৰাপত্তাৰক্ষীক বাদ দি এনে প্রচাৰ অভিযানত সর্বাধিক ৫জন লোকহে থাকিব৷ ৰোড শ্ব’ৰ ক্ষেত্রত নিৰাপত্তাৰক্ষীৰ বাহনক বাদ দি এটা কনভয় ৫খন গাড়ীতেই শেষ হ’ব লাগিব৷
ক’ভিড–১৯ আক্রান্ত ৰোগী, দিব্যাংগ, আশী বছৰৰ ঊর্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু নির্বাচনী প্রক্রিয়াত নিয়োজিত বিষয়া–কর্মচাৰীয়ে পোষ্টেল বেলট লাভ কৰিব৷ এইসকল লোকৰ যিয়ে পোষ্টেল বেলট ব্যৱহাৰ কৰিবলৈ আগ্রহী, তেওঁলোকে অধিসূচনা জাৰিৰ ৫ দিনৰ ভিতৰত আবেদন কৰিব লাগিব৷ তদুপৰি প্রতিটো ভোটগ্রহণ কেন্দ্রতে ভোটাৰৰ মাজত ৬ ফুট ব্যৱধান ৰখা, হাত ধোৱাৰ বাবে চাবোন–ছেনিটাইজাৰ ৰখা, ভোটদানৰ সময়ত গ্ল’ভ্ছ দিয়া আদি ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷