নিউজ ডেস্ক– অসমত তিনিটা পৰ্যায়ত হ’ব নিৰ্বাচন। প্ৰথম পৰ্যায়ত অৰ্থাৎ ২৭ মাৰ্চত শোণিতপুৰ, বিশ্বনাথ, ধিং, বটদ্ৰবা, চামগুৰি, কলিয়াবৰ, ৰূপহীহাট, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজী, লখিমপুৰত ৪৭ খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। ২য় পৰ্যায়ত অৰ্থাৎ ১ এপ্ৰিলত বৰাক উপত্যকা, কাৰ্বি আংলং, ডিমা হাচাও, কমলপুৰ, ৰঙিয়া, নলবাৰী, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, বঢ়মপুৰ, যমুনামুখ, হোজাই লামডিঙ ৩৯ খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন আৰু তৃতীয় পৰ্যায়ত ৬ এপ্ৰিলত দক্ষিণ শালমৰা, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, বৰপেটা, চিৰাং, বজালী, বাক্সা, কামৰূপ, কামৰূপ মেট্ৰ’, বৰক্ষেত্ৰী, ধৰ্মপুৰ, তামুলপুৰত ৪০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন ।

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ২মে’ত। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী অধিসূচনা হ’ব ২ মাৰ্চত। ৯ মাৰ্চলৈকে মনোনয়ন দাখিল কৰিব পাৰিব। ১০ মাৰ্চত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন ।দ্বিতীয় পৰ্যায়ত ৩৯ খন আসনৰ বাবে নিৰ্বাচনী অধিসূচনা হ’ব ৫ মাৰ্চত । ১২ মাৰ্চৰ ভিতৰত প্ৰাৰ্থিত্ব দাখিল কৰিব পাৰিব। ১ এপ্ৰিলত হ’ব ভোটদান। আনহাতে তৃতীয় আৰু অন্তিম পৰ্যায়ত ৪০ খন আসনৰ বাবে ভোটগ্ৰহন হ’ব ৬ এপ্ৰিলত। ১২ মাৰ্চত অধিসূচনা জাৰি কৰাৰ লগতে ১৯ মাৰ্চলৈকে মনোনয়ন দাখিল কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply