নিউজ ডেস্ক: সোমবাৰে তিনিচুকীয়া জিলাৰ ডমডোমা বন সংমণ্ডলৰ অন্তৰ্গত তাকাৱনি সংৰক্ষিত বনাঞ্চলত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়।

প্ৰাপ্ত তথ্য মতে গাওঁবাসীয়ে হাতীৰ এটা মৃতদেহ উদ্ধাৰ কৰে আৰু বন বিভাগক অৱগত কৰে। পিছত, বন বিভাগৰ বিষয়াসকলে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃত হাতীটোৰ নমুনা সংগ্ৰহ কৰে।

বন বিভাগৰ লোকে হাতীটোৰ বিষক্ৰিয়াৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰিছে যদিও মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ডিচেম্বৰত, মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত খাটাংপানী পেংৰিৰ এখন ধানপথাৰত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল। উক্ত হাতীটো বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছিল।

২০১৭-১৮ বৰ্ষৰ পৰা ২০২১-২২ বৰ্ষলৈ অসমত অপ্ৰাকৃতিক পৰিস্থিতিত অসমত ১২১ টা হাতীৰ মৃত্যু ঘটিছে। এই সময়ছোৱাত দেশত ৪৯৪ টা হাতীৰ মৃত্যু হৈছিল। যোৱা পাঁচ বছৰত ভাৰতত মৃত্যু হোৱা হাতীৰ ২৪.৪৯ শতাংশ অসমৰ।

যোৱা পাঁচ বছৰত, ভাৰতত ট্ৰেইনে মহটিয়াই নিয়াৰ ফলত ৮০ টা হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে অসমত এই সংখ্যা হ’ল ২৭টা। একে সময়তে, বিদ্যুৎস্পৃষ্ট হৈ দেশত ৩৪৮ টা হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে অসমত ৬৯ টা হাতীৰ মৃত্যু হৈছে।

ইয়াৰ উপৰিও, যোৱা ৫ বছৰত চোৰাং চিকাৰীৰ আক্ৰমণত দেশত ৪১ টা হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে ৰাজ্যত চাৰিটা হাতী নিহত হৈছে। এই সময়ছোৱাচ দেশত বিষক্ৰিয়াৰ ফলত মৃত্যু হোৱা ২৫ টা হাতীৰ ভিতৰত ২১ টা হৈছে অসমৰ হাতী।

লগতে পঢ়ক – কেনে আছে শিল্পী মহেন্দ্ৰ হাজৰিকাই? ফেচবুক প’ষ্টৰ জৰিয়তে দিলে স্বাস্থ্যৰ খবৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply