গুৱাহাটীঃ অসম চৰকাৰে অসমৰ পৰা ১৫ টা হাতী মধ্য প্ৰদেশক হস্তান্তৰ কৰিবলৈ সন্মত হৈছে। জানিব পৰা মতে মধ্যপ্ৰদেশৰ বন বিভাগৰ বিষয়াসকলে ইতিমধ্যে এই সন্দৰ্ভত দুবাৰকৈ অসম ভ্ৰমণ কৰিছে।  হস্তান্তৰ কৰিবলগীয়া হাতীকেইটাৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ মধ্য প্ৰদেশ বন বিভাগৰ বন বিষয়াৰ এটা দল ৰাজ্যখনত উপস্থিত হোৱাৰ কথা আছে। মধ্যপ্ৰদেশৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন জে এছ চৌহানে সংবাদ মাধ্যমৰ আগত কয় যে এই ভ্ৰমণৰ সময়ত হাতীবোৰ কঢ়িয়াই নিয়াৰ অন্যান্য আনুষ্ঠানিকতাও সম্পূৰ্ণ কৰা হ’ব। 

মধ্য প্ৰদেশৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলটোৱে ২০১২ চনত ৰাষ্ট্ৰীয় অভয়াৰণ্যত বাঘৰ নিৰীক্ষণৰ বাবে অসমৰ পৰা হাতী লৈ যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। হাতী আমদানি কৰিবলৈ মধ্যপ্ৰদেশৰ বন বিষয়াসকলে নবাৰ অসম ভ্ৰমণ কৰিছে।এতিয়া অসম চৰকাৰে মধ্যপ্ৰদেশ চৰকাৰক ১৫টা হাতী হস্তান্তৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply