নিউজ ডেস্ক: বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত ৰেগিঙৰ নামত জ্যেষ্ঠ ছাত্ৰই নৱাগত ছাত্ৰক অমানুষিক নির্যাতন চলোৱা ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰি থকাৰ সময়তে শিক্ষানুষ্ঠানসমূহে ৰেগিং প্ৰতিৰোধৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছুপাৰ ছিনিয়ৰক নিষিদ্ধ কৰাৰ পাছত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো হোষ্টেলত ছুপাৰ ছিনিয়ৰৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। তদুপৰি প্ৰতিটো হোষ্টেলৰ প্ৰিফেক্টৰ পৰা ছুপাৰ ছিনিয়ৰৰ সন্দৰ্ভত প্রতিবেদন বিচাৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই। লগতে বিগত তিনি মাহত কিমান আৰু কোন কোন ছুপাৰ ছিনিয়ৰ হোষ্টেলসমূহলৈ গৈছে তাৰো তথ্য বিচৰা হৈছে। 

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ৰ হোষ্টেলত ছুপাৰ ছিনিয়ৰে ৰেগিঙৰ নামত নৱাগত ছাত্ৰক শাৰীৰিক নিৰ্যাতন কৰাৰ অভিযোগৰ পাছত সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই বিশ্ববিদ্যালয়খনৰ কোনো হোষ্টেলতে ছুপাৰ ছিনিয়ৰক স্থান নিদিবৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। 

কৰ্তৃপক্ষই নির্দেশনাটোত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ছুপাৰ ছিনিয়ৰ সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিতে এই নিৰ্দেশনা জাৰি কৰা বুলিও সদৰী কৰিছে। আনহাতে, প্ৰতিটো হোষ্টেলৰ ৱাৰ্ডেনক ছুপাৰ ছিনিয়ৰৰ ওপৰত কাঢ়া দৃষ্টি ৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে। 

উল্লেখযোগ্য যে হজৰত আলী নামৰ এজন ছাত্ৰই গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলতো ছুপাৰ ছিনিয়ৰে ৰেগিঙৰ নামত তীব্ৰ শাৰীৰিক নির্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছিল। আনকি ছুপাৰ ছিনিয়ৰে তেওঁক চৰিওৱাৰ ফলত এতিয়াও কাণেৰে ভালদৰে নুশুনে বুলিও অভিযোগ কৰে। 

লগতে পঢ়ক – ২০ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply