নিউজ ডেস্ক : বেচৰকাৰী প্ৰকৃতি সংগঠন নেচাৰ্চ বেকনে অসম চৰকাৰক নগাঁও জিলাত ১৮ টাকৈ হাতীৰ মৃত্যু হোৱা ঘটনাৰ এক উচিত বিজ্ঞানসন্মত তদন্ত কৰিবলৈ দাবী জনাইছে।

মঙলবাৰে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদীপ দত্তই বন মন্ত্ৰী পৰিমল শুক্লবদ্যই অলপতে ৰাজহুৱা কৰা হাতী কেইটাৰ মৰণোত্তৰ আৰু তদন্তৰ প্ৰতিবেদ কেইখন ‘আসোঁৱাহপূৰ্ণ’ বুলি মন্তব্য কৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন নতুন কমিটিৰ দ্বাৰা বিষয়টোৰ পুনৰ তদন্ত কৰিবলৈ আহ্বান জনায়।

দত্তই, এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত ভূত্তত্ববিদ, বৈদ্যুতিক অভিযন্তা, বজ্ৰপাত বিশেষজ্ঞ আৰু জুলোজিকেল চাৰ্ভে অৱ ইণ্ডিয়া, ৱাইল্ড লাইফ ইন্সটিটিউট অৱ ইণ্ডিয়া, আৰক্ষী বিষয়া তথা নাগৰিক সমাজৰ প্ৰতিনিধি লৈ এখন কমিটি গঠন কৰিবলৈ চৰকাৰক আহ্বান জনায়।  

পূৰ্বৰ তদন্ত কমিটিত এজনো বজ্ৰপাত বিশেষজ্ঞ, বৈদ্যুতিক অভিযন্তা, ভূ-পদাৰ্থবিদ, ফৰেন্সিক এক্সপাৰ্ট, ক্ৰাইম ব্ৰান্সৰ বিষয়া নাছিল বুলি দত্তই অভিযোগ কৰে।

তেওঁ লগতে অভিযোগ কৰে যে সকলো বিলাক পৰীক্ষা বন বিভাগৰ নিজা পৰীক্ষাগাৰত কৰা হৈছিল আৰু হাতী কেইটা যাতে সোনকালে পচি যাব পাৰে তাৰ বাবে নিমখ ব্যৱহাৰ কৰিছিল।

লগতে পঢ়ক : বিক্ষিপ্ত, উদ্ভট : কিদৰে বামুণী পাহাৰত ১৮ টা হাতীৰ মৃত্যু হৈছিল?

ইয়াৰ উপৰি উক্ত প্ৰতিবেদনত মৃতদেহ কেইটাৰ দৈহিক, ৰোগজনিত কোনো সঠিক বিবৰণ দিয়া হোৱা নাই বুলি তেওঁ অভিযোগ কৰে। হাতী কেইটাৰ মৃতদেহ যে ভালদৰে পৰীক্ষা কৰা হৈছিল তাক প্ৰমাণ কৰিব পৰাকৈ তেওঁলোকৰ লগত কোনো ফটো নাই বুলিও দত্তই অভিযোগ কৰে।  

গোটেই প্ৰতিবেদনখন বিজ্ঞানসন্মত যুক্তিৰ পৰিৱৰ্তে কেৱল ধাৰণাৰ ভিত্তিত যুগুত কৰা হৈছে বুলিও দত্তই দাবী কৰে।

আনহাতে, বন মন্ত্ৰী পৰিমল শুক্লবদ্যই ১৮ টাকৈ হাতীৰ মৃত্যু হোৱা ঘটনাটো যথেষ্ট দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি পি টি আইৰ আগত কয় যে একাংশই এই বিষয়টোক মিছাতে অন্য ৰূপ দিবলৈ চেষ্টা চলাই আছে। গোটেই বিষয়টোৰ বিশেষজ্ঞসকলৰ দ্বাৰা সকলো দিশ চালি-জাৰি চাই অনুসন্ধান কৰাৰ পিছতহে এই সৰ্বসন্মত সিদ্ধান্তলৈ অহা হৈছিল বুলি মন্ত্ৰীজনে কয়।

ৰাইনো ৰিক’ভাৰি ফাণ্ডৰ সঞ্চালক ড০ মাৰ্কাচ হফমেয়াৰ আৰু এছিয়ান এলিফেণ্ট স্পেচিয়েলিষ্ট গ্ৰোপৰ মূৰব্বী বিবেক মেননৰ দৰে এক্সপাৰ্টেও হাতী কেইটাৰ বজ্ৰপাতৰ ফলত মৃত্যু হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বুলি মন্ত্ৰী শুক্লবদ্যই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে নগাঁও জিলাৰ বামূণী পাহাৰত যোৱা ১৩ মে’ত ১৮টাকৈ হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

উক্ত ঘটনাৰ তদন্তৰ বাবে ৰাজ্যৰ বন বিভাগে , উপ বন সংৰক্ষক কে কে দেউৰীৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিল, দুসপ্তাহৰ পিছত উক্ত কমিটিয়ে বজ্ৰপাতৰ ফলত হাতী কেইটাৰ মৃত্যু হোৱা বুলি সিদ্ধান্তত উপনিত হয়।

ইংৰাজীত পঢ়িবলৈ : Assam: Environment activists demand scientific probe into elephant deaths

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply