সোণাৰি : সোণাৰিৰ ৰংছোৱাল চাংমাই আলিত পৰিৱেশ সজাগতা মূলক কাৰ্যসূচী পালন। চে তাম ডয় বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত পালন কৰা হয় এই কাৰ্যসূচীৰ।
উল্লেখযোগ্য যে যোৱা ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সোণাৰিৰ ভজো ৰংছোৱাল চাংমাই আলিত শতাধিক গছ পুলি ৰোপন কৰা হৈছিল।
এই গছপুলি সমূহ চাফ চিকুণ আৰু প্ৰতিপালন কৰাৰ উদ্দেশ্যে আজি পুৱাৰে এই কাৰ্যসূচী গ্ৰহণ কৰে চে তাম ডয় স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়া সকলে।
এই কাৰ্যসূচীত টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰৰ লগতে টাইপা চৰাইদেউ জিলা সমিতিৰ কাৰ্যকৰ্তা তথা স্থানীয় যুৱকসকলে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক : প্ৰদেশ কংগ্ৰেছৰ মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তী উদযাপন