নিউজ ডেস্ক: গৰুখুঁটিৰ হিংসাৰ আঁৰত ৬জন ব্যক্তি। PFI, CFI আৰু এজন কলেজ শিক্ষক জড়িত হিংসাত্মক ঘটনাত। গৰুখুঁটি কাণ্ডৰ বাবে সংগ্ৰহ কৰিছিল ২৮ লাখ টকা গৰুখুঁটিৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
গৰুখুঁটিৰ ঘটনাক কংগ্ৰেছ-AIUDFএ সাম্প্ৰদায়িক কৰি পেলালে’ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ । কংগ্ৰেছে উচটনি দি গৰুখুঁটিত পৰিস্থিতি ভয়ংকৰ কৰিলে, আজিকালি অকল মাটি দখলৰ কামেই চলি থকা নাই মানুহ ৰপ্তানিৰ কামো চলি আছে,এইবোৰ কাম কংগ্ৰেছীয়ে কৰি আছে মন্তব্য মুখ্যমন্ত্ৰীৰ।
উচ্ছেদ বন্ধ নহয়, চলি থাকিব । এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ছিপাঝাৰৰ গৰুখুটিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই উচ্ছেদ বন্ধ নহয় আৰু চলিব ৷ তেওঁ লগতে কয়, দুশ বিঘা পৰ্য্যন্ত মাটি লৈ বহি থকা বেদখলকাৰীক কিয় আমি মাটি দিম ৷ অসমৰ কোন মানুহৰ ইমান মাটি আছে ৷ মোক দেখুৱাই দিয়ক ৷ আমছু, কংগ্ৰেছ, এ আই ইউ ডি এফৰ সতে আমি আলোচনাত বহিছো ৷ সকলোৱেই মান্তি হৈছিল ৷
গৰুখুঁটিৰ উচ্ছেদক লৈ আজি পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘মায়ং, কাজিৰঙা সকলোতে বেদখল, এই বেদখলৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব । বৰ্তমান সময়ত
‘বৰছলা আৰু ছিপাঝাৰ সমষ্টিত বহু লোকে বেদখল কৰিছে । এই বেদখলকাৰী সকল অধিকাংশই বাহিৰৰ পৰা আহি খোপনি পুতিছে । ধিং ৰূপহীহাট, লাহৰিঘাট আদিৰ পৰা বৰছলালৈ মানুহৰ সোঁত বৈছে ।
বিধায়ক নুৰুল হুদাক এই সম্পৰ্কে প্ৰশ্ন কৰিলে কোনো উত্তৰ নাহে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য । গৰাখহনীয়াত আক্ৰান্ত হোৱাৰ নামত এঠাইৰ পৰা আনঠাইলৈ মানুহৰ আগমন হৈছে , কিন্তু এইবোৰ মানুহৰ খহনীয়াত আক্ৰান্তৰ কোনো তথ্য নাই ।
‘অসমীয়াক দুৰ্বল কৰাৰ এক চক্ৰান্ত’ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে এইবোৰত সাৰপানী দিয়াত উঠিপৰি লাগিছে কংগ্ৰেছ আৰু দল ।
লগতে পঢ়ক- বড়োলেণ্ড ১০ জনকৈ সন্দেহযুক্ত ইউ এল বি গোটৰ সদস্যক গ্ৰেপ্তাৰ