ঘোচ লোৱাৰ অভিযোগত দুৰ্নীতি বিৰোধী ব্যুৰোয়ে মঙলবাৰে তিনিচুকীয়াৰ আবকাৰী অধীক্ষকে ধৰি দুজন লোকক গ্ৰেপ্তাৰ কৰে।

ধৃত আবকাৰী অধীক্ষক গৰাকীক মানস জ্যোতি দাস আৰু আনজন লোকক কাৰ্য্যালয়ৰ পিয়ন অৰ্জুণ বাস্ফোৰ বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, দুৰ্নীতি বিৰোধী ব্যুৰোৰ এটা ১১ জনীয়া দলে চলোৱা এক অভিযানত উক্ত লোক দুজনক ঘোচ লৈ থকা সময়ত হাতে-লোটে গ্ৰেপ্তাৰ কৰা হয়।

সূত্ৰটোৰ মতে, ‘তিনিচুকীয়াৰ সুৰা বিপনীসমূহৰ পৰা প্ৰত্যেক মাহে ধন দাবী কৰা বুলি আবকাৰী অধীক্ষক দাস আৰু উক্ত কৰ্মচাৰীজনৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী ব্যুৰোত এখন এজাহাৰ দাখিল কৰা হৈছিল।‘

‘উপযুক্ত প্ৰমাণৰ ভিত্তিত দুৰ্নীতি বিৰোধী ব্যুৰোত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হয়।‘ সূত্ৰটোত কোৱা হয়।  

অভিযানকাৰী দলটোৱে জিলা উপায়ুক্ত কাৰ্য্যালয়ত থকা আবকাৰী অধীক্ষকজনৰ কক্ষ আৰু তেওঁৰ বাসগৃহত অভিযান চলাই বুলি জানিবলৈ দিয়ে।

বাতৰি লিখা সময়লৈকে তদন্ত চলি থকাৰ বাবে অভিযানকাৰী দলে অধিক তথ্য জনোৱাৰ পৰা বিৰত থাকে।

সূত্ৰটোৱে জনোৱা মতে অভিযুক্ত দুজনক গুৱাহাটীলৈ লৈ যোৱা হ’ব আৰু শুকুৰবাৰে বিশেষ আদালতৰ আগত হাজিৰ কৰোৱা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply