বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতত সোমবাৰে অনুস্থিত হৈ যায় অসম গণ পৰিষদৰ অনুসূচীত জাতি বোকাখাত বিধানপৰিষদৰ বিশেষ কাৰ্যনিৰ্বাহক সভা।

বোকাখাতৰ অগপ কাৰ্যালয়ত অনুস্থিত উক্ত সভাত অনুসূচীত জাতি বিধানপৰিষদৰ সাংগঠনিক দিশৰ ওপৰত গুৰুত্বপূৰ্ণ পৰ্যালোচনা কৰাৰ লগতে বোকাখাত মহকুমাৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰাৰ উদ্দেশ্যে এটি সঁজাতি দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

লগতে বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত অনুসূচীত জাতিৰ লোকসকলৰ শুদ্ধ পিয়লৰ জৰিয়তে প্ৰকৃত জনসংখ্যাৰ তথ্য যুগুত কৰিবলৈ বোকাখাত মহকুমাৰ প্ৰশাসনলৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিষদে।

ইফালে আগন্তুক দুটা মাহৰ ভিতৰত বোকাখাত বিধানসভা সমষ্টিৰ অনুসূচীত জাতি বিধানপৰিষদৰ আঞ্চলিক সমিতিসমূহ শীঘ্ৰেই গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে অনুসূচীত জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে।

সোমবাৰে অনুষ্ঠিত উক্ত বিশেষ কাৰ্যনিবাহক সভাত উপস্থিত থাকে অনুসূচীত জাতি পৰিষদ অগপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰমানন্দ দাস, সম্পাদক মনোজ দাস, অনুসূচীত জাতি সমাজ কল্যাণ বৰ্ডৰ অধ্যক্ষ প্ৰহ্লাদ দাস, বিশিষ্ট সমাজকৰ্মী প্ৰদীপ দাস আৰু অগপ বোকাখাত বিধানপৰিষদৰ সভাপতি জগত চন্দ্ৰ কলিতাৰ লগতে অনুসূচীত জাতি বোকাখাত বিধানপৰিষদৰ সভাপতি জিতু দাস, সম্পাদক জীৱধন ৰবিদাস, সাংগঠনিক সম্পাদক পাৰ্থপ্ৰতীম দাস, ৰুবুল দাস তথা অনুসূচীত জাতি বিধানপৰিষদৰ অন্যান্য বিষয়ববীয়া আৰু সদস্যসকল।

লগতে পঢ়ক – ফেক্ট-চেক: অসমত উদ্ধাৰ কৰা হৈছে নেকি এই প্ৰকাণ্ড ঘঁৰিয়ালটো?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply