শিলচৰ: ডিমা হাচাওত সংঘটিত এক শোকাৱহ ঘটনাত এটা কংক্ৰিটৰ ফেক্টৰীত এটা মেচিনত আৱদ্ধ হৈ এজন টেকনিচিয়ানে মৃত্যুক সাবটিব লগীয়া হয়।
প্ৰাপ্ত তথ্য মতে, বুধবাৰে ডিমা হাচাও জিলাৰ পানীমুৰত অৱস্থিত এটা কংক্ৰিট ফেক্টৰীত উক্ত দুৰ্ঘটনাটো সংঘটিত হৈছিল। নিহত কৰ্মচাৰীজনক অশোক বৰশইকীয়া বুলি চিনাক্ত কৰা হৈছে।
কৰ্মচাৰীজনে ক্ৰাছিং মেচিনটোত ঘটা বিজুতি ঠিক কৰি সময়তে উক্ত শোকাৱহ ঘটনাটো সংঘটিত হয়। এক সূত্ৰই জনোৱা মতে, বৰশইকীয়াই প্ৰথমে বাহিৰৰ পৰা মেচিনটো ঠিক কৰি আছিল যদিও পিছত মেচিনটোৰ ভিতৰত সোমাই যোৱাত উশাহ বন্ধ হৈ মৃত্যুবৰণ কৰে।
নিহত অশোক বৰশইকীয়া তিনিচুকীয়াৰ সোণোৱাল গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীৰ এটা দল কাৰখানাটোত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ইফালে, দুৰ্ঘটনাটোৰ পিছত কাৰখানাটোত শ্ৰমিকসকলৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।
স্থানীয় লোকে ঘটনাটোৰ এক উচ্চ-স্তৰৰ তদন্তৰ দাবী কৰিছে। অৱশ্যে, ঘটনা সন্দৰ্ভত কাৰখানাটোৰ মালিকপক্ষই বাতৰি লিখা সময়লৈকে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।
লগতে পঢ়ক – বিশ্বকাপ ফুটবল: কোৱাৰ্টাৰ ফাইনেল Preview