গুৱাহাটী : বিজেপি নেতৃত্বাধীন অসম চৰকাৰে যোৱা ১০ দিনত কেৱল ১৬.৬৩ লাখ লোকৰহে টীকাকৰণ কৰিব পাৰিলে। এইয়া হৈছে সমগ্ৰ দেশৰ লগতে অসমত গ্ৰহণ কৰা বিস্তাৰিত টীকাকৰণ অভিযানৰ ৩০ লাখ লোকৰ টীকাকৰণৰ লক্ষৰ মাত্ৰ ৪৫ শতাংশ।
বৃহস্পতিবাৰে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ স্বাস্থ্য বিষয়াই জনোৱা মতে মতে ক’ভিড ভেকচিনৰ ব্যাপক নাটনিৰ বাবেই পৰিকল্পনা কৰা ধৰণৰে টীকাকৰণ সম্ভৱ হৈ নুঠিল।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ শেহতীয় বুলেটিন অনুসৰি যোৱা ২১ জুনৰ পৰা ৩০ জুনলৈকে ৰাজ্যখনৰ ১৬,৬৩,৪০৫ লোকৰ টীকাকৰণ কৰা হৈছে।
যোৱা ১৯ জুনত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা বিষয়াসকলৰ সৈতে হোৱা বৈঠকত এই সময়ছোৱাত বিস্তাৰিত টীকাকৰণ অভিযানৰ অধীনত ৩০ লাখ লোকৰ টীকাকৰণৰ লক্ষ্য হাতত লৈছিল।
লগতে পঢ়ক : বাঘজান কাণ্ড : ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ ভূমিকাক লৈ মুঠেই সন্তুষ্ট নহয় উচ্চতম ন্যায়ালয়
’২১ জুনৰ পৰা ৩০ জুনলৈকে আমি দৈনিক ৩ লাখ লোকক ভেকচিন প্ৰদান কৰাৰ লক্ষ্য বান্ধিছো,’ বৈঠকৰ পিছত সাংবাদিকৰ আগত মুখ্য মন্ত্ৰীয়ে এইদৰে কয়।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান তথ্য অনুসৰি চৰকাৰে মাত্ৰ দুটা দিনতহে দৈনিক ৩ লাখ লোকৰ (২১ জুনত ৩,৩০,৬৬৭ আৰু ২৩ জুনত ৩,৬০,৩১৫) টীকাকৰণৰ লক্ষ্য চুবলৈ সক্ষম হৈছিল।
বুধবাৰে অৰ্থাৎ ৩০ জুনত কেৱল ১৪,৫৫১ গৰাকী লোকৰহে টীকাকৰণ কৰা হয়, যিটো হৈছে এতিয়ালৈ আটাইতকৈ সৰ্বনিন্ম।
এই সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত এন এইচ এমৰ সঞ্চালকে কয় যে বিস্তাৰিত টীকাকৰণ অভিযানৰ প্ৰথম তিনি দিনত ঠিক মতে টীকাকৰণ চলি আছিল যদিও পিছলৈ ভেকচিনৰ নাটনিৰ বাবে এই অভিযানত স্থবিৰতা আহি পৰে।
প্ৰথম তিনিটা দিনত ৯.৭৫ লোকৰ টীকাকৰণ কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে।
প্ৰথমে কেৱল ভাৰত বায়’টেকে প্ৰস্তুত কৰা কভেক্সিনৰ নাটনি হৈছিল যদিও পিছলৈ ক’ভিশীল্ডৰ নাটনিৰ সৃষ্টি হয় বুলি সঞ্চালক গৰাকীয়ে কয়। বুধবাৰে ৬ লাখ ক’ভিশীল্ড ভেকচিনৰ যোগান আহিছে বুলি জানিবলৈ দি তেওঁ কয় যে ইয়াক জিলা বিলাকৰ মাজত বিতৰণ কৰি দিয়া হৈছে বুলি তেওঁ কয়।