ধুবুৰী আৰক্ষীয়ে দেওবাৰে এক অভিযান চলাই এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰি তেওঁৰ পৰা ১ লাখ নকল ভাৰতীয় টকা জব্দ কৰে।

উক্ত ঘটনাৰ সৈতে আৰক্ষী আন দুজন ভাৰতীয় লোককো গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভাৰতীয় লোক দুজন হৈছে ধুবুৰী আৰক্ষী থানাৰ অধীনৰ ঝগ্ৰাপাৰ গাঁৱৰ আমিৰ আলি আৰু দক্ষিণ শালমৰাৰ ছাহ আলম।

উক্ত লোক দুজনে বাংলাদেশী নাগৰিগজনক ভাৰতলৈ প্ৰৱেশ কৰাত সহায় কৰাৰ লগতে আশ্ৰয়গ্ৰহণৰ সুবিধা কৰি দিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি ধুবুৰী আৰক্ষীৰ এটা বিশেষ দলে গৌৰীপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই উক্ত লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

যোৱা শনিবাৰে ভাৰত-বাংলাদেশ সীমান্তৰ পৰা উক্ত ভুৱা ভাৰতীয় টকাখিনি সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

লগতে পঢ়ক : সান্ধ্য আইনৰ পূৰ্বে ৰাজ্যৰ দোকান বজাৰত অভাবনীয় ভীৰ

বাংলাদেশী নাগৰিকজনক ধুবুৰী আৰক্ষী থানাৰ অধীনৰ ঝগ্ৰাপাৰ ৬নং গাঁৱৰ আমিৰ আলিৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জনোৱা মতে জিলাখনত নকল ভাৰতীয় টকা আৰু গৰু সৰবৰাহৰ ঘটা পুনৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু ইয়াৰ আঁৰত এক দুষ্ট চক্ৰ জড়িত হৈ আছে।

উক্ত ঘটনা সম্পৰ্কত তদন্ত অব্যাহত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,277 other subscribers

Leave a comment

Leave a Reply