নিউজ ডেস্ক: অসম আৰক্ষীৰ নাম লৈ একাংশ লোকে সামাজিক মাধ্যমত যুৱতীসকলৰ উদ্দেশ্যে এক ভূৱা বাৰ্তা প্ৰচাৰ কৰি আছে।

আজি এক টুইট যোগে অসম আৰক্ষীয়ে উক্ত বাৰ্তা সম্পূৰ্ণ ভূৱা বুলি উল্লেখ কৰি ইয়াৰ প্ৰচাৰ নকৰিবলৈ সকলোকে আহ্বান জনায়।

একাংশ দুষ্ট চক্ৰই মানুহৰ মাজত ভয়-আতংক সৃষ্টি কৰাৰ উদ্দেশ্যে এনে ভূৱা বাৰ্তা প্ৰচাৰ কৰি আছে বুলি উল্লেখ কৰি আৰক্ষীয়ে কোনো লোককে এনে ভূৱা বাৰ্তা প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনায়।

যদি কোনো লোকে উক্ত বাৰ্তা প্ৰচাৰ কৰি থকা আৰক্ষীৰ চকুত পৰে তেন্তে তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে সকিয়াই দিয়ে।

লগতে পঢ়ক – এদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply