বোকাখাত, উত্তম কুমাৰ শৰ্মা: আৰক্ষী থানাত গোচৰ দাখিল কৰিলে বোকাখাতত ৰাষ্ট্ৰপতিৰ কনভয়ৰ বাহনৰ খুন্দাত মৃত্যু হোৱা শ্ৰমিক ৰামেশ্বৰ ৰবিদাসৰ পৰিয়ালে।

উল্লেখযোগ্য যে যোৱা ২৬ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণৰ সময়তেই বোকাখাতৰ ৰাজপথত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা ৰামেশ্বৰ ৰবিদাস নামৰ লোকজনে প্ৰাণ হেৰোৱাইছিল।

প্ৰত্যক্ষদৰ্শীৰ মতে ৰাষ্ট্ৰপতিৰ কয়ভয়ৰ সৈতে যোৱা তীব্ৰ গতিৰ এখন ক’লা ৰঙৰ জীপছিয়ে মহতিয়াই নিছিল বোকাখাতৰ মিলনপুৰৰ ৰামেশ্বৰ ৰবিদাস নামৰ শ্ৰমিকজনক। অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে ব্যক্তিজনক মৃত বুলি ঘোষণা কৰিছিল।

২৬ফেব্ৰুৱাৰীৰ দুপৰীয়া ভাগত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ সমীপত দক্ষিণ দিশৰ পৰা উত্তৰ দিশলৈ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওতেই সংঘটিত হৈছিল উক্ত শোকাৱহ দুৰ্ঘটনাতো।

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ ওপৰত উচিত তদন্ত তথা বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰয়াত ৰবিদাসৰ পৰিয়ালৰ তৰফৰ পৰা বৃহস্পতিবাৰে এখন এজাহাৰ দাখিল কৰা হৈছে বোকাখাত আৰক্ষী থানাত।

এজাহাৰত নিহত ৰবিদাসৰ পৰিবাৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অনুৰোধ জনায়।

লগতে পঢ়ক – ইউক্ৰেইনত আৱদ্ধ দিল্লীৰ ৬ শতাধিক ছাত্ৰ-ছাত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply