মানকাচৰ : চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাৰ চামাইবিলত বুধবাৰে পুৱাৰ ভাগত জিলা কৃষি বিভাগৰ উদ্যোগত কৃষক সকলে কঠিয়াতলী প্ৰস্তুতৰ কাম আৰম্ভ কৰে। কৃষি বিভাগৰ উদ্যোগত।কৃষক গোটক বীজ প্ৰদান কৰাৰ লগতে পথাৰত বীজ সিঁচি আনুষ্ঠানিকভাৱে কঠিয়াতলী প্ৰস্তুতৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।
উল্লেখযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বানপানীৰ ফলত ক্ষতিগ্ৰস্থ হোৱা কৃষক সকলে যাতে চৰকাৰীভাৱে অতি সহজে বিনামুলীয়াকৈ কঠিয়া লাভ কৰি পথাৰত খেতি কৰিব পাৰে তাৰ বাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগে জিলা প্ৰশাসনৰ সহয়োগত জিলাখনত প্ৰথম বাৰৰ বাবে কঠিয়াতলী প্ৰস্তুতৰ কাৰ্যসূচী হাতত লৈছে। ইতিমধ্যে প্ৰথম পৰ্যায়ত জিলা কৃষি বিভাগে মুঠ ২৯ টা কৃষক গোটক দুৰ্যোগ ব্যৱস্থাপনা আৰু ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আঁচনিৰ জৰিয়তে নিৰ্বাচিত কৰি কৃষক গোটক কঠিয়াৰ প্ৰস্তুতৰ বাবে মুঠ ৩৯০ কুইণ্টল শালি ধানৰ বীজ বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছে।
বুধবাৰে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ভূমিত থকা অসমীয়া কৃষক গোট এটাক জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস আৰু জিলা কৃষি বিষয়া মইনুল হকে আনুষ্ঠানিকভাৱে ধানৰ বীজ বিতৰণ কৰি পথাৰত কঠিয়া সিঁচা কাৰ্যসূচী ৰূপায়ন কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলা বানাক্ৰান্ত অঞ্চল। জিলাখনৰ প্ৰায় ৯০ শতাংশ অঞ্চল প্ৰতিবছৰে বানৰ কবলত পৰাত কষক সকলে বিস্তৰ ক্ষতিৰ সম্মুখীন হয়। বানত ক্ষতিগ্ৰস্থ কৃষক সকলে যাতে বিনামূলীয়াকৈ চৰকাৰীভাৱে কঠিয়া লাভ কৰি পুনৰ খেতি আৰম্ভ কৰিব পাৰে তাৰ বাবে জিলা কৃষি বিভাগে জিলা প্ৰশাসনৰ সহযোগত এই ব্যৱস্থা গ্ৰহণ কৰিছে।
লগতে পঢ়ক : কি কাৰণত জি এম চি এইছত এঘণ্টাৰ ভিতৰতে ১২ গৰাকী ৰোগীৰ মৃত্যু হৈছিল?
এই সন্দৰ্ভত জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে কয় যে সকলো ঠিকে ঠাকে থাকিলে কঠিয়া লাভ কৰা কৃষক সকলে জিলাখনৰ অন্যান্য কৃষক সকলৰ লগতে আন জিলাৰ কৃষক সকলকো বিনামূলীয়াকৈ কঠিয়া বিতৰণ কৰিব পাৰিব। মেঘালয়ৰ চামাইবিলৰ লগতে জিলাখনৰ আন ২৮ টা কৃষক গোটে প্ৰথম পৰ্যায়ত পৃথকে পৃথকে ওখ কৃষি ভূমিত এই কঠিয়াতলী প্ৰস্তুতৰ ব্যৱস্থা হাতত লৈছে। ইতিমধ্যে খেতি চহাৰ কাম সম্পন্ন কৰাৰ লগতে কৃষি বিভাগৰ ফালৰ পৰা শালি দানৰ বীজ বিতৰণ কৰাৰ ফলত কৃষক গোট সমূহে কঠিয়া সিঁচিবলৈ আৰম্ভ কৰিছে। আনাগত দিনত এই কঠিয়াতলীৰ দ্বাৰা জিলাখনৰ কৃষক সকলৰ লগতে অসমৰ কৃষক সকল উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে।