নিউজ ডেস্ক: ২০-ৰ পৰা ২২ জানুৱাৰীলৈ নতুন দিল্লীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া Asia World International Model United Nations সম্মিলন আৰু ২৮ এপ্ৰিলৰ পৰা ১ মে’লৈ থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হ’বলগীয়া আন এখন সন্মিলনত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে কৰিমগঞ্জ জিলাৰ নৃপেন্দ্ৰ দাস।

ইষ্টম’জ’ৰ সৈতে এক সাক্ষাৎকাৰত নৃপেন্দ্ৰই অনুষ্ঠানটোৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত আনন্দ প্ৰকাশ কৰি কয়, “মই অত্যন্ত ৰোমাঞ্চিত। মোৰ বিশ্বাস এইটো এটা ভাল অভিজ্ঞতা হ’ব।”

তেওঁৰ এই সাফল্যই সম্প্ৰদায়টোৰ আন যুৱক-যুৱতীসকলক আগবাঢ়ি যোৱাত আৰু সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰগতি আৰু বিকাশৰ বাবে অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰিব।

কৰিমগঞ্জ জিলাৰ সোনবিলৰ ফাৰুৱা গাঁৱৰ হৰিভক্ত দাস নামৰ এজন খেতিয়কৰ সন্তান নৃপেন্দ্ৰই ইয়াৰ পূৰ্বে ২০১৯ চনত ইণ্ডোনেচিয়াৰ বালিত অনুষ্ঠিত পৰিৱেশ সংক্ৰান্তীয় এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিছিল।

তেওঁ ‘Clean India Campaign’ আৰু ‘Rape Free India’ বাৰ্তাৰে ২০২০ চনৰ ডিচেম্বৰৰ পৰা ২০২১ চনৰ মে’লৈ শ্বিলং, গুৱাহাটী, শিলিগুৰি, দাৰ্জিলিং, ছিকিম, কলিকতা, মুম্বাই, কৰ্ণাটক, তামিলনাডু, আহমেদাবাদ, উত্তৰাখণ্ড, লেহ আৰু লাডাখ আদি বিভিন্ন অঞ্চল সামৰি দেশজুৰি এক চাইকেল যাত্ৰা সম্পূৰ্ণ কৰিছিল।

যুৱকজনে বলিউডৰ অভিনেতা ছনু সুডকো সাক্ষাৎ কৰিছিল আৰু অভিনেতাজনে দাসক যথেষ্ট প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতে এনে সজাগতামূলক অভিযানৰ প্ৰতি সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰিছিল।  

২০১৪ চনত ফাকুৱাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু ২০১৬ চনত একেখন বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক সম্পূৰ্ণ কৰা দাসে ২০১৯ চনত অসম বিশ্ববিদ্যালয়ৰ পৰা ফাইন আৰ্টছত স্নাতক ডিগ্ৰী লাভ কৰে। বৰ্তমান তেওঁ শ্বিলং স্থিত North Eastern Hill University (NEHU)-ৰ পৰা সমাজ সেৱাত স্নাতক বিভাগত অধ্যয়ন কৰি আছে।

লগতে পঢ়ক – ২০২৪-ৰ জুনলৈকে বিজেপিৰ সভাপতিৰ দায়িত্বত থাকিব জে পি নাড্ডা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply