কমাৰগাঁও : গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত কমাৰগাঁৱৰ সোনোৱাল গাঁৱত আজি খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কৃষকৰ বাবে এক প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত হয়।

উক্ত কাৰ্য্যসূচীত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৩০ গৰাকী কৃষকে কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিজ্ঞান বিভাগৰ দ্বাৰা প্ৰশিক্ষণ গ্ৰহণ কৰে।

খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সুকৃতি হাজৰিকা আৰু ফ্ৰাম মেনেজাৰ ৰাতুল বৰবৰুৱাই কৃষক সকলক বিভিন্ন খেতি আৰু খেতি সমূহত সাৰ প্ৰয়োগৰ সন্দৰ্ভত প্ৰশিক্ষণ আগবঢ়ায়।

এই প্ৰশিক্ষণ দ্বাৰা কৃষক সকলে ফচল উৎপাদনৰ ক্ষেত্ৰত উপকৃত হব বুলি জানিবলৈ দিয়ে কৃষি বিজ্ঞানী সুকৃতি হাজৰিকাই।

লগতে পঢ়ক – গোৰেশ্বৰত নেমছুৰ বিটিআৰৰ প্ৰধানলৈ স্মাৰক পত্ৰ প্ৰেৰণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply