কমাৰগাঁও (গোলাঘাট) : গোলাঘাট জিলাৰ খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত কচুপথাৰত আজি দিনৰ ভাগতে ৭৭৭ নামৰ ইটাভাটাটোত এগৰাকী মহিলা শ্ৰমিকৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আজি দিন দুপৰত ইটাভাটাটোত কৰ্মৰত চাহাৰা বেগম নামৰ বিবাহিত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। মহিলা গৰাকীৰ স্বামীয়ে তেওঁলোকৰ কোঠাত চিপ লৈ থকা অৱস্থাত পত্নীৰ মৃতদেহ দেখি হুৱাদুৱা লগায়।

জানিব পৰা মতে আজিমুদ্দিনে নিজ পত্নীক চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি তাৎক্ষণিকভাৱে চিপ লোৱা ক’লা ৰঙৰ কাপোৰখন খুলি দিয়ে যদিও তেতিয়ালৈ মৃত্যু হৈছিল পত্নী ছাহাৰাৰ।

ইফালে ঘটনাস্থলীত কমাৰগাঁও আৰু খুমটাই আৰক্ষীৰ দুটা দল উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে।

তাৎপৰ্যপূৰ্ণ বিষয় যে ইটাভাটাটোত শ্ৰমিকৰ শুৱনি কোঠাসমূহ অতি ঘন থকাৰ লগতে ভাটাটোত শ্ৰমিকে গিজগিজাই থকাৰ পাছতো দিনৰ ভাগতে কিদৰে এটি তিনিমহীয়া সন্তানৰ মাতৃয়ে চিপ লৈ আত্মহত্যা কৰিলে এইয়া আৰক্ষীৰ তদন্তহে প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply