গুৱাহাটী: শাৰীৰিক অসুস্থতাৰ বাবে ৰাজ্যৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, চিত্ৰশিল্পী পুলক গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালত ভৰ্তি কৰোৱা হৈছে।
আজি ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বৰাই জি এম চি এইচত উপস্থিত হৈ বিশিষ্টি শিল্পী গৰাকীৰ স্বাস্থ্যৰ বুজ লয়। চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে পুলক গগৈক প্ৰয়োজনীয় সকলোধৰণৰ উন্নত চিকিৎসা প্ৰদান কৰিবলৈ চিকিৎসকৰ দলটোক আহ্বান জনায়।
জানিব পৰা মতে দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল গগৈ।
উল্লেখযোগ্য যে গগৈয়ে ‘ৰে’লৰ আলিৰ দুবৰি বন’ ছবিখনৰ বাবে ১৯৯৩ চনত ৰজত কমল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সন্মান লাভ কৰিছিল।
যোৰহাটত জন্মগ্ৰহণ কৰা প্ৰবীন শিল্পী গৰাকীয়ে এজন কাৰ্টুনিষ্ট হিচাপে কৰ্ম জীৱন আৰম্ভ কৰিছিল।
পুলক গগৈ উপৰি অসুস্থতাৰ বাবে জি এম চি এইচত ভৰ্তি হৈ থকা নীলপৱন বৰুৱাৰো স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী বিমল বৰাই। বৰুৱাৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।
আজি শিল্পী গৰাকীক চিকিৎসালয়ত গৈ খবৰ লোৱাৰ সময়ত মন্ত্ৰী বিমল বৰাৰ সৈতে জি এম চি এইচৰ অধ্যক্ষ অচ্যুত বৈশ্য আৰু অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মীনাক্ষি দাস নাথ উপস্থিত আছিল।
লগতে পঢ়ক – অসম আৰক্ষীৰ নাম লৈ সামাজিক মাধ্যমত ভূৱা বাৰ্তা প্ৰচাৰ