নিউজ ডেস্ক: অসম বিধানসভাত আজি বিত্ত মন্ত্ৰী অজন্তা নেওগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। সদনত বাজেট পাঠ কৰি মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ বাবে বহু কেইটা ডাঙৰ ঘোষণা কৰে।

এইবাৰৰ বাজেটত গ্ৰহণ কৰা আঁচনি আৰু প্ৰস্তাৱসমূহৰ ভিতৰত আছে

১. অৰণোদয় আঁচনিৰ ধন ১২৫০টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত।

২. উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক স্কুটাৰ প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ

৩. স্নাতকোত্তৰত অধ্যয়ন কৰি থকা ছাত্ৰীসকললৈ প্ৰতি বছৰে যাতায়তৰ খৰচৰ বাবদ ১০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা

৪. প্ৰজ্ঞান ভাৰতীৰ আচঁনিৰ জৰিয়তে স্নাতক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰ পলিটেকনিকৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে ২০০০ টকা হোষ্টেল মাচুল ৰেহাইৰ প্ৰস্তাৱ গ্ৰহণ।

৫. দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি মাচুলত ৰেহাই অব্যাহত থকাৰ লগতে বি টি আৰত ১০খন মহাবিদ্যালয় প্ৰাদেশিকৰণৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ।

৬. অসমৰ চাহ নিগম পৰিসীমিত নিবিনিয়োজনৰ বাবে ১৪২.৫০কোটি টকাৰ আৱন্টনৰ সিদ্ধান্ত।

৭. মুখ্য মন্ত্ৰীৰ পকীপথ নির্মাণ আঁচনিৰ অধীনত ২,৫৫০ কোটি টকা বায়েৰে ৩,০০০ কিঃমিঃ সকলো বতৰৰ উপযোগী বুনিয়াদী পথ নিৰ্মাণৰ প্ৰস্তাৱ।

৮. কাৰ্বি আংলং আৰু শিলচৰত নতুন বিমানবন্দৰ নিৰ্মাণ। ইয়াৰ উপৰি নগাঁও, গেলেকি আৰু হাফলঙত ৩টা নতুন হেলিপৰ্ট নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

৯. লাচিত বৰফুকনৰ স্মৃতিত আৰু আহোম সেনাৰ বীৰত্বক প্ৰতিফলিত কৰিব পৰাকৈ কামৰূপৰ আলাবৈত ১০০ফুট দৈঘ্যৰ এখন দীঘল হেংদাং নিৰ্মাণৰ প্ৰস্তাৱ।

১০. প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ যুৱক-যুৱতীৰ নিযুক্তিৰ বাবে চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পূৰ্বে এই পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব বুলি ঘোষণা।

লগতে পঢ়ক – যোগ প্ৰতিযোগিতাত ধনশিৰিৰ খেলুৱৈৰ সাফল্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply