নিউজ ডেস্ক : গোৱালপাৰা অসামৰিক চিকিৎসালয়ত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। আজি পুৱা প্ৰায় ৯.৩০ বজাত চিকিৎসালয়খনৰ নৱজাতকৰ বাবে থকা আই চি ইউত সংঘটিত হয় উক্ত অগ্নিকাণ্ড।

অৱশ্যে চিকিৎসালয়ত কৰ্মৰত নাৰ্ছ তথা আন কৰ্মচাৰীসকলে চিকিৎসালয়ত ভৰ্তি হৈ থকা ১৪ গৰাকী নৱজাতকক সুৰক্ষিত ৰূপত তাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে চিকিৎসালয়খনৰ এটা কোণাত উক্ত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ কাৰণ এইপৰ্য্যন্ত জানিব পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।

অগ্নিকাণ্ডৰ পিছতে ততাতৈয়াকৈ নৱজাতকসকলক তাৰ পৰা অন্য এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমান তেওঁলোক সম্পূৰ্ণ সুৰক্ষিত বুলি জনোৱা হৈছে।

উল্লেখযোগ্য যে একেটা মাহত এইটো দ্বিতীয়বাৰৰ বাবে অসমৰ চৰকাৰী চিকিৎসালয়ৰ নৱজাতকৰ বাবে থকা আই চি ইউত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ইয়াৰ পূৰ্বে যোৱা ১০ নৱেম্বৰত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতকৰ আই চি ইউত অগ্নিকাণ্ড সংঘটিত সংঘটিত হৈছিল।

লগতে পঢ়ক :  কৃষি আইন প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি কৃষক সংগঠনৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply