বোকাখাত, উত্তম কুমাৰ শৰ্মা: সোমবাৰে নিশা বোকাখাতৰ ধনশিৰিমুখত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডটোৰ ফলত বোকাখাতৰ ধনশিৰিমুখ গাঁৱৰ নিৱাসী সৰুবাপু দলে নামৰ কৃষকজনৰ এটা ভঁৰালঘৰ সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে এখন মটৰচাইকেলো জ্বলি ভস্মীভূত হয়।
নিশাই অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয়হি যদিও ইতিমধ্যে জ্বলি শেষ হৈছিল ভঁৰালগৃহটো।
অৱশ্যে অগ্নিকাণ্ডটো সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই যদিও পৰিয়ালটোৱে জানিবলৈ দিয়া মতে গভীৰ নিশা টোপনিৰ সাৰ পাইহে প্ৰত্যক্ষ কৰে অগ্নিকাণ্ডটো। ভঁৰালটোত প্ৰায় ২০০ কুইন্টলৰো অধিক গুটিধান মজুত আছিল বুলি পৰিয়ালটোৱে জানিবলৈ দিয়ে।

ইফালে কৃষিকৰ্মৰ দ্বাৰাই পেট প্ৰৱৰ্তন কৰা দুৰ্ভগীয়া পৰিয়ালটোক উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ স্থানীয় বিধায়ক তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে।
লগতে পঢ়ক –