গুৱাহাটী : মৎস্য উৎপাদনৰ ক্ষেত্ৰত অসম সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল হোৱাৰ দিশে ধাৱমান হৈছে। ৰাজ্যিক মীন বিভাগে প্ৰকাশ কৰা মতে ৰাজ্যত ৪ লাখ মেট্ৰিক টন মাছৰ প্ৰয়োজন থকাৰ বিপৰীতে ৩.৯৩ লাখ মেট্ৰিক টন মাছ উৎপাদন হৈ আছে আৰু এই ক্ষেত্ৰত উৎপাদন আৰু প্ৰয়োজনৰ মাজত মাত্ৰ ০.৭ শতাংশ ব্যৱধান বৰ্তমান সময়ত দেখা গৈছে। ‘অবিৰতভাৱে ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ, পি এম এম এছ ৱাই, চি এম এছ গি ইউ ৱাই, আৰ আই ডি এফ আদি আঁচনিৰ ফলপ্ৰসূ ৰূপান্তৰৰ বাবে অনাগত সময়ত অতি শীঘ্ৰেই অসম মৎস্য উৎপাদন সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল হ’ব।

“ মীন উন্নয়ন বিষয়া প্ৰতুল ডেকাই জনায় যে ৩৩.৬৭ শতাংশ বৃদ্ধিৰে সৈতে ৰাজ্যত মীন উৎপাদন ২০১৬-১৭ বৰ্ষত ২.৯৪ লাখ মেট্ৰিক টনৰ পৰা বৃদ্ধি হৈ ২০২০-২১ বৰ্ষত ৩.৯৩ লাখ মেট্ৰিক টন হৈছে।“ ২০১৫-১৬ চনত উৎপাদন আৰু প্ৰয়োজনৰ মাজত প্ৰায় ৪২ শতাংশ পাৰ্থক্য আছিল, যি বৰ্তমান ২০২০-২১ চনত হ্ৰাস পাই মাত্ৰ ০.৭ লাখ মেট্ৰিক টন হৈছে বুলিও মীন উন্নয়ন বিষয়া প্ৰতুল ডেকাই মন্তব্য কৰে। লগতে মাছৰ জনমুৰি গ্ৰহণ বছৰি ৮.৫ কিলোগ্ৰামৰ পৰা বাঢ়ি ১১.৮৮ কিলোগ্ৰাম হৈছে।

এই সময়ছোৱাত মাছৰ পোনা উৎপাদনো ৫৬৭৮ মিলিয়নৰ পৰা ৭৪.১১ শতাংশ বৃদ্ধি হৈ ৯৮৮৬ মিলিয়ন হোৱা দেখা গৈছে। বিগত পাঁচ বছৰত ১৫২৩.৭৪ হেক্টৰ ভূমি সামৰি ১২৬১০ টা ব্যক্তিগত পুখুৰী, ৪৬৮.১ হেক্টৰ ভূমি সামৰি ৪০২৯ টা ৰাজহুৱা পুখুৰী, ২২৯.৯৪ হেক্টৰ মাটিত ১৮২৪ টা মাছৰ পোনা পালন টেংক, ৭৬৩.৮৭ হেক্টৰ মাটিত ৪২০৪ টা বিল পুখুৰী, ২৫৯.৬৪ হেক্টৰ ভূমিৰ পুখুৰীৰ পুন:নিৰ্মাণ আৰু ৬২৯.৯ হেক্টৰ মাটিত ১৪২০ টা সংহত পুখুৰী নিৰ্মাণ কৰা হৈছে। ২০১৬-১৭ চনৰ ৯০০ হেক্টৰ ভূমিৰ তুলনাত ২০০০ হেক্টৰৰ অধিক অঞ্চল সামৰি নতুনকৈ পুখুৰী নিৰ্মাণ কৰা হৈছে।

বিভিন্ন আঁচনিৰ অধীনত ২০১৬-১৭ চনৰ পৰা ২০২১-২২ ৰ জুন মাহলৈ ৫২১ টা মাছৰ পোনা উৎপাদন কৰা পুখুৰী তৈয়াৰ কৰা হৈছে। এই সময়ছোৱাত ২০ টা মাছৰ খাদ্য তৈয়াৰ কৰিবৰ বাবে মিল স্থাপন কৰা হৈছে। মীন উন্নয়ন বিষয়া প্ৰতুল ডেকাই জনায় যে, ১৩ টা ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ চিষ্টেমৰ সূচনা কৰা হৈছে। লগতে বিভিন্ন বিলত মডুলাৰ বান্ধনিৰে ৩৮ টা বেটাৰী স্থাপন কৰা হৈছে। বিভিন্ন বেংকত বৰ্তমানলৈ প্ৰায় ৮৭০০০ কেচিচিৰ মাধ্যমত ঋণ আবেদন কৰা হৈছে আৰু ৮৫০০ খন আবেদন অনুযায়ী ধন মুকলি কৰি দিয়া হৈছে। তদুপৰি ২২ টা মৎস্য উৎপাদক সংস্থা আৰু ১৩ টা মৎস্য উৎপাদক কোম্পানী গঠন কৰা হৈছে।

প্ৰায় ২০০০০ মাছমৰীয়ালৈ জীৱিকাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হৈছে য’ত কেন্দ্ৰীয়ভাৱে ৩০০০ টকা আৰু হিতাধিকাৰীসকলে ১৫০০ টকাৰ অংশ খৰচ কৰিছে। ৰাজ্যিক মীন পৰিকল্পনা এখন যুগুত কৰি থকা হৈছে যিয়ে ভৱিষ্যতৰ এই খণ্ডক আৰু অধিক সৱল কৰিব। বিগত বছৰসমূহত ৯৯ জন মীন উন্নয়ন বিষয়া, ৩২ জন কনিষ্ঠ অভিযন্তা, ৯৮ জন মীন প্ৰদৰ্শক, ৩০ জন কনিষ্ঠ সহায়ক আৰু ১১ জন চতুৰ্থ গ্ৰেডৰ কৰ্মীক নিযুক্তি দিয়া হৈছে।

আৰু পঢ়কঃ তেজপুৰৰ হেম বৰুৱা স্মৃতি ভৱনত চৰকাৰী কৰ্মচাৰীক কৰোনা ভেকচিন প্ৰদান

ৰাজহ বিভাগৰ পৰা ৰাজহ সংগ্ৰহৰ প্ৰশাসনিক ক্ষমতা আৰু ফিছফেড আৰু সমবায় আদিৰ প্ৰশাসনিক ক্ষমতা মীন বিভাগলৈ হস্তান্তৰ কৰাৰ বাবে এই বিভাগে অধিক শক্তিশালী পদক্ষেপ ল’বলৈ সক্ষম হৈছে। মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত মীন বিভাগৰ এই অসাধাৰণ সাফল্যৰ বাবে বিশ্ব মীন দিৱস উপলক্ষে নতুন দিল্লীত ২০২০ চনৰ ১ নৱেম্বৰ তাৰিখে চাৰিটিকৈ বঁটা, শ্ৰেষ্ঠ ৰাজ্য (অসম), শ্ৰেষ্ঠ জিলা (নগাঁও), শ্ৰেষ্ঠ ৰাজ্যিক সংস্থা (ফিছফেড) আৰু শ্ৰেষ্ঠ মৎস্য পালক , আঁজুৰি আনিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply