লখিমপুৰ, পল্লৱ মিলি: অসম আৰু অৰুণাচল প্ৰদেশত হৈ থকা মূষলধাৰ বৰষুণৰ ফলত অৰুণাচলৰ পৰা বৈ অহা ডিকাৰী নৈ আৰু চিয়াং নদীৰ বাঢ়নী পানীয়ে জোনাই মহকুমাৰ অন্তৰ্গত ৰামধন ডিকাৰি গাওঁ পঞ্চায়তটোৰ এক, দুই আৰু তিনি নং জামুগুৰী, এক , দুই আৰু তিনি নং জয়পুৰ, উলনি, মাজগাওঁ, ফুৰিবাৰী, চিয়াৰীৰ লগতে কবু চাপৰি, শিৱগুৰি, বেৰাচাপৰি আদি গাঁৱত ভদিয়া বানৰ তাণ্ডৱৰ সৃষ্টি কৰিছে I

উক্ত অঞ্চলসমূহত বানে হাজাৰ হাজৰ বিঘা কৃষিভূমি নষ্ট কৰাৰ লগতে বাট পথ, ঘৰ দুৱাৰ, সকলোবোৰ বোৰাই পেলাইছেl ১ নং জামুগুৰিত বানৰ তাণ্ডৱৰ ফলত প্ৰায় দুই শতাধিক পৰিয়াল বৰ্তমান গৃহবন্দী হোৱাৰ উপৰিও বহু লোকে ঘৰ এৰি বাম ঠাইলৈ উঠি গৈছেI 

বৃহৎ অঞ্চলটোৰ মূল গাঁৱৰ পথসমূহ পানীত বুৰ যোৱাৰ লগতে শ শ লোকৰ চোতাল-ঘৰ পানীয়ে বুৰাই পেলোৱাত গঞা ৰাইজে এখন টুলুঙা নাওঁকে জীৱন সাৰথি হিচাপে ব্যৱহাৰ কৰিছে।

তাৰোপৰি আজি সপ্তাহ দিনধৰি গৃহ বন্দী হোৱাৰ ফলত পশুধনৰ খাদ্য সংকটৰ লগতে মানুহৰ বাবে পানীৰ আৰু খাদ্যৰ সংকটে দেখা দিছে। 

লগতে পঢ়ক – দিল্লীত আটক আন্তঃৰাজ্যিক গাড়ী চুৰিৰ সৈতে জড়িত অসমৰ দুধৰ্ষ গাড়ী চুৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply