ধেমাজি, অংকুৰ নৰহ: এসপ্তাহ ধৰি অসম আৰু অৰুণাচল প্ৰদেশত নেৰা-নেপেৰা বৰষুণৰ ফলত ধেমাজিৰ চকুলো খ্যাত জীয়াঢল নৈয়ে পুনৰ বুৰাই পেলালে জীয়াঢ়ল অঞ্চলৰ ১০খন গাঁৱৰ ৬৩৩ টা পৰিয়ালৰ বাসগৃহ লগতে শ শ বিঘা কৃষিভূমি।
দিহিৰি চাপৰি, দিহিৰি কছাৰী, তিনিঘৰীয়া, ২নং চাংমাই দলনি, ৩নং কমলপুৰ, আজাৰাবাৰী, তিনিঘৰীয়া কেকুৰী আৰু দিহিৰি লেপং আদিকে ধৰি মুঠ ১০খন গাওঁ প্লাবিত।
জেঠ মাহৰ পৰা ধাৰাবাহিকভাৱে তাণ্ডব চলাই অহা জীয়াঢ়ল নৈৰ পানীয়ে বৰ্তমান আহিন মাহৰ শেহতীয়া বানত এসপ্তাহ ধৰি ডুব গৈ থকাত ৰাইজে পশুধনকসহ মথাউৰিৰ ওপৰত বাস কৰিবলৈ বাধ্য হৈছে।
ফলত পশুধনৰ লগতে ভোক্তভুগী ৰাইজে খাদ্যৰ সংকটৰ লগতে শৌচ প্ৰসাৱ কৰা আৰু শুকান খৰিৰ অভাৱত ভুগিছে বুলি জানিব দিয়ে।
শেহতীয়া বানপানীত বানাক্ৰান্ত লোকে এতিয়ালৈকে কোনোধৰণৰ চৰকাৰী সা-সুবিধা পোৱা নাই যদিও চক্ৰ বিষয়া অচ্যুৎ বৰুৱাই বান পৰিস্থিতিৰ বুজ লৈ অতি সোনকালে বান সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাইছে।
লগতে পঢ়ক – তেজপুৰত চোকা অস্ত্ৰ দেখুৱাই ছাত্ৰীক অপহৰণৰ চেষ্টা