নিউজ ডেস্ক : ৰাজ্যত বৰ্তমান অব্যাহত থকা বানত বৃহস্পতিবাৰে দুজন লোকে প্ৰাণ হেৰোৱাৰ ফলত এইবাৰৰ বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৫জনলৈ বৃদ্ধি পাইছে।

কালি বানৰ কবলত পৰি কামৰূপ আৰু মৰিগাঁও জিলাৰ দুজন লোকে মৃত্যুক সাবটিব লগীয়া হয়।

চৰকাৰৰ শেহতীয়া তথ্য অনুসৰি এইবাৰ বানত ২১ খন জিলাৰ ৪ লাখ ৯২ হাজাৰতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বাঢ়নী পানীয়ে এহেজাৰ ২৩০ খন গাঁৱৰ ৩৯ হাজাৰ ৬০০ হেক্টৰতকৈও অধিক কৃষিভূমি প্লাৱিত কৰিছে।

জানিব পৰা মতে জিলা প্ৰশাসনসমূহে ৭ খন জিলাত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহত ৪ হাজাৰতকৈও অধিক লোকে আশ্ৰয় লৈ আছে।

বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ বাতৰি আহিছে। পবিতৰা অভয়াৰণ্যৰ প্ৰায় ৯০ শতাংশ এলেকা বাঢ়নি পানীয়ে বুৰাই পেলাইছে।

বানৰ ফলত ৰাজ্যখনৰ বিভিন্ন জিলাত বাট-পথৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে কেইবাটাও মথাউৰিৰ ভালেমান অংশ ছিগাৰ তথ্য পোৱা গৈছে। ইপিনে, বানৰ সমান্তৰালকৈ খহনীয়াইও বৰপেটা, বিশ্বনাথ, বঙাইগাওঁ, চিৰাং, ধুবুৰী, ডিব্ৰুগড়, মৰিগাওঁ, শোণিতপুৰ আৰু ওদালগুৰি জিলাত বিস্তৰ ক্ষতি সাধন কৰিছে।

লগতে পঢ়ক : কাজিৰঙাত ৫০ লাখ টকাৰ বিদেশী চিগাৰেট জব্দ  : আটক দুই 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply