নিউজ ডেস্কঃ অসমৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ তাণ্ডৱ। দেওবাৰে বানৰ ফলত দুটি শিশুসহ মুঠ ৬জন লোকে প্ৰাণ হেৰুৱায়। ২২খন জিলাত এই বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৭ লক্ষাধিক লোক।
অসম দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি, নগাঁও জিলাৰ কামপুৰত চাৰিজন লোকৰ প্ৰাণ কাঢ়ি নিয়ে বানে। তদুপৰি, হোজাইত এজন আৰু শিলচৰত আন এজন লোকৰ বানত মৃত্যু হয়।
উল্লেখ্য যে, চলিত বৰ্ষৰ বৰ্তমানলৈকে অসমত বান আৰু ভূমিস্খলনৰ ফলত ২৪জনকৈ লোকৰ মৃত্যু হৈছে। জানিব পৰা মতে, বৰপেটা, বিশ্বনাথ, কাচাৰ, দৰং, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, লখিমপুৰ, নগাওঁ, শোণিতপুৰ, ওদালগুৰিকে ধৰি ২২খন জিলাৰ ৭,১৯,৫৪০জন লোকৰ প্ৰভাৱাম্বিত হৈছে এই বানত।
এইবাৰ বান আৰু ভূমিস্খলনৰ ফলত ডিমা হাচাও জিলাৰ ৰে’ল সেৱা স্তব্ধ হৈ পৰিছে। ৰেল ষ্টেচন বোকা-মাটিত পোত খাইছে। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰে।
তেওঁ ছচিয়েল মিডিয়াত লিখিছে- ”নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক সাক্ষাৎ কৰোঁ। শেহতীয়াকৈ ডিমা হাছাও জিলাৰ বান আৰু ভূমিস্খলনৰ ফলত ৰে’ল সেৱাত হোৱা ক্ষতিৰ বিষয়ে তেখেতক অৱগত কৰোঁ। যিহেতু এই ৰে’ল সেৱা অসমৰ বৰাক উপত্যকাৰ জিলাসমূহৰ লগতে ত্ৰিপুৰা, মণিপুৰ, মিজোৰামৰ দৰে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ যোগাযোগ ব্যৱস্থা, সেয়েহে মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৰে’লপথ মেৰামতিৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাওঁ। তেখেতে ক্ষতিগ্ৰস্ত ৰে’ল সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদান কৰি ৰে’ল মন্ত্ৰ্যালয়ে ৰে’ললাইন আৰু দলং মেৰামতিৰ বাবে ১৮০ কোটি টকা মঞ্জুৰ কৰাৰ কথা ব্যক্ত কৰে৷ লগতে ১০ জুলাইৰ ভিতৰত ৰে’ল সেৱা বাহাল কৰাৰ কথা অৱগত কৰে।”