নিউজ ডেস্ক : মাজুলিৰ পৰা প্ৰকাশিত সাপ্তাহিক সংবাদ পত্ৰ ‘অসম বাৰ্তা’ই সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ তিনি গৰাকী ব্যক্তিলৈ ২০২২ বৰ্ষৰ গণ গৌৰৱ বঁটা, দৰ্শনদ্যুতি বঁটা আৰু চিকিৎসা ভূষণ বঁটা আগবঢ়াইছে।

মঙলবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ‘অসম বাৰ্তা’ গোষ্ঠীয়ে ২০২২ বৰ্ষৰ বঁটা লাভ কৰা সকলৰ নাম প্ৰকাশ কৰিছে। লোকসংস্কৃতিৰ সাধক বিপুল চেতিয়া ফুকনলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ গণ গৌৰৱ বঁটা।

১৯৮২ চনৰ পৰা অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অবিৰামভাৱে সেৱা আগবঢ়াই অহা ফুকনে প্ৰায় ৬,০০০ বিহু গীত আৰু টোকাৰি গীত সৃষ্টি কৰিছে।

আনহাতে, সংবাদ গোষ্ঠীটোৱে ৰাজ্যৰ যুৱচামৰ মাজত আধ্যাত্মিক আৰু সাংস্কৃতিক সচেতনা সৃষ্টিৰ বাবে বিশেষ ভূমিকা পালন কৰি অহা মাজুলিৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীলৈ আগবঢ়াইছে দৰ্শনদ্যুতি বঁটা।

ইয়াৰ উপৰি ৰাজ্যৰ আগশাৰীৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ যদুনাথ বুঢ়াগোহাঁইক চিকিৎসা ভূষণ বঁটা আগবঢ়াইছে। অহা ২৭ ফেব্ৰুৱাৰীত যোৰহাটত অনুষ্ঠিত হ’বলগীয়া সংবাদ গোষ্ঠীটোৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনত উক্ত বঁটাসমূহ প্ৰদান কৰা হ’ব।

লগতে পঢ়ক – ডংকামোকামৰ পৰা পুনৰ নিচাযুক্ত ড্ৰাগছসহ চাৰিজন যুৱক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply