নিউজ ডেস্ক : গঁড়ৰ খড়্গৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত বন বিভাগৰ কৰ্মচাৰী। বৃহস্পতিবাৰে বন বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে গঁড়ৰ খড়্গৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত বিভাগটোৰ এগৰাকী কৰ্মচাৰীসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

পূৰ্বতে গ্ৰেপ্তাৰ কৰা এগৰাকী চোৰাং চিকাৰী তথা সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত বুধবাৰে পূব অসম বনপ্ৰাণী সংমণ্ডলৰ এটা দলে উক্ত লোক দুজনক গ্ৰেপ্তাৰ কৰে।

ধৃত লোক দুজনক আব্দুল আলী আৰু বিমলা শইকীয়া বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে বিমলা শইকীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যাণৰ কৰ্মচাৰী। বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে এই কথা সদৰী কৰে।

প্ৰাপ্ত তথ্য মতে, বন বিভাগৰ কৰ্মচাৰী শইকীয়াই আলী উক্ত খড়্গটোৰ যোগান ধৰিছিল আৰু আলীয়ে সেইটো গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী তথা সৰবৰাহকাৰীজনক বিক্ৰী কৰিছিল।

গগৈয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত বন বিভাগৰ কৰ্মচাৰীজন ইয়াৰ পূৰ্বেও এটা একেধৰণৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল আৰু বৰ্তমান তেওঁ জামিনত আছিল।

লগতে পঢ়ক : চন্দ্ৰপুৰবাসী ৰাইজৰ দাবী মানিবলৈ বাধ্য হ’ল জিলা প্ৰশাসন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply