গুৱাহাটী: উৎকোচ গ্ৰহণ কৰি ৰাজ্যত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল চৰকাৰী কৰ্মচাৰী। শুকুৰবাৰে কোকৰাঝাৰৰ গোসাঁইগাঁৱত উৎকোচ গ্ৰহণৰ সময়তে দুজন কৰ্মচাৰীক হাতে-লোটে ধৰা আটক কৰা হয়।

ধৃত কৰ্মচাৰী দুজনক ফৰেষ্টাৰ কামিনী নাৰ্জাৰী আৰু ফৰেষ্ট গাৰ্ড প্ৰবীণ ব্ৰহ্ম বুলি চিনাক্ত কৰা হৈছে।

বন বিভাগৰ কৰ্মচাৰী দুজনে এজন লোকৰ পৰা এক বন বিভাগৰ এটা গোচৰ মীমাংসা কৰি দিয়াৰ নামত দাবী কৰা ধন গ্ৰহণ কৰি থকাৰ অৱস্থাতে দুৰ্নীতি নিবাৰকৰ এটা দলে দুয়োকে হাতে–লোটে গ্ৰেপ্তাৰ কৰে বুলি বিশেষ ডিজিপি জি পি সিঙে টুইট কৰি জানিবলৈ দিয়ে।

লগতে পঢ়ক –  ফেক্ট-চেক: পাকিস্তান-আফগানিস্তানৰ অনুৰাগীৰ মাজৰ মাৰপিটৰ এই ভিডিঅ’ এছিয়া কাপৰ নহয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply