লখিমপুৰ : এক আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা কাৰ্য্যালয় চৌহদত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
লখিমপুৰ আটাছুৰ উপদেষ্টা, প্ৰাক্তন সভাপতি তথা সাধাৰণ সম্পাদক হিটলাৰ দিহিঙীয়াই আত্মহত্যা কৰিছে। মৃতদেহৰ কাষত এখন চুইচাইড নোট উদ্ধাৰ হৈছে যদিও এতিয়ালৈকে আত্মহত্যাৰ প্রকৃত কাৰণ জানিব পৰা হোৱা নাই।
আহোম জনগোষ্ঠীৰ এগৰাকী সক্ৰিয় কৰ্মী দিহিঙীয়া আহোম জনগোষ্ঠী উন্নয়ন পৰিষদৰ এগৰাকী সদস্য। আটাছুৰ লখিমপুৰ জিলাৰ কাৰ্য্যালয় চৌহদৰ এটা আছুতীয়া কক্ষত আত্মহনন কৰে নেতাজনে।
জানিব পৰা মতে মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এখন চুইচাইড নোটত ক্ৰমে মৃদুল কোঁৱৰ, গুণ ফুকন আৰু অচ্যুত ফুকন নামৰ লোককেইজনৰ লগতে নিজ ভাতৃৰ অত্যাচাৰৰ কথাও লিখা আছে।
আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
লগতে পঢ়ক : জনজাতিকৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে জাঙোৰ খাই উঠিছে টাইপা