গুৱাহাটী : বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ এমাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হস্পিতালত চিকিৎসাধীন হৈ থকা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা প্ৰখ্যাত আইনজীৱি আব্দুল মুহিব মজুমদাৰে আৰু নাই। বুধবাৰে পুৱা ৮.৪৫ বজাত মজুমদাৰে শেষ নিশ্বাস ত্যাগ কৰে।

১ মাহ পূৰ্বে জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল। পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক আই চি ইউত ভৰ্তি কোৰোৱা হৈছিল যদিও মঙলবাৰৰ নিশাৰ পৰা তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰে।

১৯৩২ চনৰ ২০ আগষ্টত হাইলাকান্দিত জন্মগ্ৰহণ কৰা আব্দুল মুহিব মজুমদাৰে স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত কটন কলেজৰ পৰা বিজ্ঞানত স্নাতক আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু এল এল বি সম্পূৰ্ণ কৰে।

পিছত ১৯৭০ৰ দশকত ৰাজনীতিত প্ৰৱেশ কৰা মজুমদাৰে ১৯৮৩ চনৰ পৰা ১৯৯১ চনলৈ, ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ আৰু ২০১১ চনৰ পৰা ২০১৬ চনলৈ হাইলাকান্দিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

১৯৮৫ চনলৈকে হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল যদিও পৰৱৰ্তী সময়ত কংগ্ৰেছ ত্যাগ কৰি ইউনাইটেড পিপলছ পাৰ্টি অৱ আছাম নামৰ এটা নতুন দল গঠন কৰি প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অগপ মিত্ৰজোঁটত চামিল হৈ জলসিঞ্চন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।

এগৰাকী আইনজীৱি হিচাপে মজুমদাৰ কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ সৈতে জড়িত আছিল। তেওঁ আইন মন্ত্ৰী হৈ থকা সময়তে আই এম ডি টি আইন (ন্যায়াধিকৰণ আইনৰ দ্বাৰা অবৈধ প্ৰব্ৰজনকাৰী নিৰ্ধাৰণ) ১৯৮৩ আৰু অসম চুক্তি ১৯৮৫ ৰ খচৰা প্ৰস্তুত কৰা হৈছিল।

মৃত্যুৰ সময়ত মজুমদাৰৰ বয়স আছিল ৮৯ বছৰ।

লগতে পঢ়ক :

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply