মাৰ্ঘেৰিটা: আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা জীৱন মৰাণ ওৰফে মেজৰ জেনেৰে জীৱন অসম ওৰফে গুণদ ডাঙৰীয়াৰ দেহাৱসান ঘটে। গুৱাহাটীৰ এপল’ হস্পিতালত শনিবাৰে নিশা ৮.৪৫ বজাত মৰাণে মৃত্যুক সাবটি লয়।

জানিব পৰা মতে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ যোৱা প্ৰায় এমাহ ধৰি মৰাণ চিকিৎসাধীন হৈ আছিল। পত্নী আৰু দুগৰাকী কন্যাক এৰি থৈ যোৱা আলফা স্বাধীনৰ নেতাজনৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৭ বছৰ।

এসময়ত আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাৰ যথেষ্ট ঘণিষ্ঠ হিচাপে পৰিচয় থকা মৰাণে ১৯৮৪ চনত আলফাৰ দ্বিতীয়টো সামৰিক গোটৰ প্ৰশিক্ষণৰ আগবমূহুৰ্তত বুকুত স্বাধীন অসম সপোন বান্ধি বিদ্ৰোহী সংগঠনটোত যোগদান কৰিছিল।

প্ৰায় তিনি দশকধৰি আলফাত থকাৰ পিছত স্বাস্থ্যজনিত কাৰণত সংগঠন এৰি মূলসুঁতিলৈ উভতি অহা মৰাণে ২০২১ চনৰ ২৫ এপ্ৰিলত তিনিচুকীয়াত অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছিল।

মৰাণৰ মৃত্যুত আলফা স্বাধীনে এক প্ৰেছ বিবৃতিৰ জৰিয়তে শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁক ‘অমৰ মৃতক’ ঘোষণা কৰে।

লগতে পঢ়ক – ৰাজ্যত যোৱা দুমাহত জাপানীজ এনকেফেলাইটিছত ৮৫ জনৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply