মঙলদৈ: বৃহৎ পৰিমাণৰ জাল নোটসহ মেঘালয়ৰ গাৰো পাহাৰৰ চাৰিজন লোকক আজি মঙলদৈ সদৰ আৰক্ষীয়ে আটক কৰে।

ধৃত লোককেইজনক গাৰো পাহাৰৰ ফুলবাৰিৰ চাহেদ আলি চেখ, ৰবিউল হুছেইন, মনোৱাৰ হুচেইন আৰু ছহিদুল মণ্ডল বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মেত লোক কেইজনে জালনোটৰ এটা বৃহত বান্দিল লৈ এ এচ ০১এ এফ ৯৩৮৯ নং চুইফ ভি ডি আই এখনত গুৱাহাটীৰ দিশৰ পৰা তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে গাড়ী ৰখাই তালাচি কৰে।

আৰক্ষীৰ তালাচীত জাল নোটৰ এটা বাণ্ডিল,পাঁচটা মোবাইল ফোন উদ্ধাৰ কৰা হয়। সম্প্ৰতি আৰক্ষীয়ে লোক কেইজনক সোধপোচ অব্যাহত ৰাখিছে।

লগতে পঢ়ক – গুৱাহাটীত ভাড়াতীয়াই ঘপিয়ালে ঘৰৰ মালিকক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply