টীয়ক, স্মৃতি প্ৰিয়া লাহন : বৃহস্পতিবাৰে নিশা টীয়কত চাৰিলেনযুক্ত পথ নিৰ্মাণত ব্যৱহাৰ কৰা এখন ফ’কলেণ্ড চুৰ কৰা অপচেষ্টা চলোৱা সন্দেহত গাড়ীসহ চাৰিজন ব্যক্তিক স্থানীয় যুৱকে আটক কৰি আৰক্ষীক গতাই দিয়ে।
UK 11 AC O7O8 নম্বৰৰ এখন টেইলৰত GDCL নামৰ কোম্পেনিৰ কেম্পৰ পৰা নিশা অমূল্য গগৈ নামৰ এজন যুৱকৰ নেতৃত্বত অহা এটা দলে এখন ট্ৰেইলাৰত উঠোৱা অৱস্থাত কেইগৰাকীমান স্থানীয় যুৱক দেখা পায়।
উক্ত স্থানীয় যুৱক সকলক GDCL নামৰ কোম্পানীটোৱে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম কৰাৰ বাবদ প্ৰায় ৩ কোটি টকা দিবলৈ আছে। জানিব পৰা মতে কোম্পানীটোৱে স্থানীয় যুৱক সকলক তেওঁলোকো পাবলগীয়া টকা পৰিশোধ নকৰা পৰ্য্যন্ত কেম্পৰ পৰা কোনো বস্তু নিনিয়াৰ এক চুক্তিপ্ৰত্ৰ স্বাক্ষৰ কৰিছিল।
কিন্তু নিশা এইদৰে ফকলেণ্ডখন উলিয়াই নিয়াৰ কথা গম পাই স্থানীয় যুৱকে গাড়ীসহ যুৱক চাৰিজনক আৰক্ষীক গতাই দিয়ে। আৰক্ষী আগত অমূল্য গগৈয়ে তেওঁলোকক অৰিন্দম শৰ্মা নামৰ এজন যুৱকে গাড়ীখন নিবলৈ পঠিওৱাৰ কথা স্বীকাৰ কৰে।
লগতে পঢ়ক – মন্ত্ৰী পিযুষ হাজৰিকা ক’ভিডত আক্ৰান্ত