নিউজ ডেস্ক: বিষাক্ত কাঠফুলা খোৱাৰ ফলত পুনৰ ৰাজ্যত মৃত্যু হ’ল চাৰিজনকৈ লোকৰ। কাঠফুলা খাই অসুস্থ হৈ পৰা শিশু আৰু মহিলাসহ চাৰিজন লোকে সোমবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাবটি লয়।
নিহতসকলক ৰিমা কৰ্মকাৰ (৩৫ বছৰ), তেওঁৰ ১০ বছৰীয়া পুত্ৰ অজয় কৰ্মকাৰ, ৩২ বছৰীয়া জোনাকি প্ৰজা আৰু ১২ বছৰীয়া চয়নিকা কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে, যোৱা ৬ এপ্ৰিলত চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ সমীপত থকা এখন চাহ বাগিচাত কৰ্মৰত কেইগৰাকীমান শ্ৰমিকে তেওঁলোকৰ পৰিয়ালৰ সৈতে বনৰীয়া কাঠফুলা ৰান্ধি খাইছিল।
কাঠফুলা খোৱাৰ পিছতে ৮ গৰাকী লোকে পেটৰ বিষ অনুভৱ কৰাত তেওঁলোকক চৰাইদেউ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত তেওঁলোকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
আজি উক্ত ৮ গৰাকী ৰোগীৰ ৪ গৰাকীয়ে মৃত্যুক সাবটি লয় চিকিৎসালয় সূত্ৰই জানিবলৈ দিয়ে।
লগতে পঢ়ক – কাৰ্বি আংলঙৰ বৰপথাৰত বৃহৎ পৰিমাণৰ কানি জব্দ