নিউজ ডেস্কঃ অসমত জিলাৰ সংখ্য়া হ্ৰাস কৰা হৈছে। ৰাজ্যত ৩৫খন জিলাৰ পৰা ৩১খন জিলালৈ হ্ৰাস কৰা হৈছে এই সংখ্যা।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, কম সময়ৰ বাবেহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, হোজাই, বিশ্বনাথ, বজালী আৰু তামুলপুৰ জিলাক বিলুপ্ত কৰা হৈছে।
নগাঁও জিলাৰ লগত পুনৰ মিলাই দিয়া হৈছে হোজাই। জাতীয় জীৱনৰ স্বাৰ্থত একত্ৰিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইফালে, বাক্সা জিলাৰ লগত একত্ৰিকৰণ কৰা হ’ল তামুলপুৰক। বৰপেটাৰ লগত একত্ৰিকৰণ কৰা হৈছে বজালী। আৰু শোণিতপুৰ জিলাৰ লগত মিলাই দিয়া হৈছে বিশ্বনাথ।