নিউজ ডেস্ক : ক’ত লুকাই আছে পলাতক প্ৰবঞ্চক মৃদুপৱন নেওগ? মডেল ৰাজকন্যা বৰুৱাক লৈ বৰ্তমান অসমৰ সৰ্বত্ৰে ব্যাপক চৰ্চা চলি থকাৰ মাজত কেনেবাকৈ তল পৰি গৈছে ‘হাইপ্ৰফাইল’ প্ৰৱঞ্চক মৃদুপৱন নেওগৰ গোচৰ।

১৫ দিন ধৰি অন্তৰ্ধান হৈ থকা মৃদুপৱন নেওগৰ কিবা সম্ভেদ পাইছে অসম আৰক্ষীয়ে?

যোৱা ২৫ ছেপ্টেম্বৰত গুৱাহাটী কাহিলিপাৰাস্থিত বাসভৱনত ‘সিংঘম’ খ্যাত আনন্দ মিশ্ৰৰ নেতৃত্বৰ নগাঁও আৰক্ষীয়ে অভিযান চলাইয়ো আটক কৰিবলৈ বিফল হৈছিল এইজন ‘হাইপ্ৰফাইল’ প্ৰৱঞ্চকক।

তাৰ পিছৰে তেওঁৰ কোনো সম্ভেদ লাভ কৰা নাই অসম আৰক্ষীয়ে। অৱশ্যে ইয়াৰ মাজতে আজি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমৰ আগত মৃদুপৱন নেওগৰ সম্পৰ্কত তথ্য লাভ কৰা বুলি সদৰী কৰে।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ মতে পলাতক মৃদুপৱন বৰ্তমান মধ্য প্ৰদেশত আত্মগোপন কৰি থকাৰ সন্দেহ কৰা হৈছে। মুম্বাইত থকা বায়েক আটলান্তা কাশ্যপৰ সহায়ত মধ্য প্ৰদেশত আত্মগোপন কৰি আছে বুলি আৰক্ষীৰ সন্দেহ।

মধ্যপ্ৰদেশত তেওঁৰ শেহতীয়া ‘লোকেচন’ পোৱা গৈছে বুলি উল্লেখ কৰি মহন্তই কয়, ‘তেওঁৰ লাষ্ট লোকেচনটো পোৱা গৈছিল মধ্য প্ৰদেশত। সকলো ৰাজ্য বিলাকক সতৰ্ক কৰি দিয়া হৈছে আৰু তেওঁৰ ফটোযুক্ত জাননী প্ৰেৰণ কৰা হৈছে।’

মৃদুপৱনে আত্মগোপন কৰি থকা বুলি আৰক্ষীয়ে সন্দেহ কৰা সকলো ৰাজ্যৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আৰক্ষী অধীক্ষক (নগাঁও)ক নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ লগতে সদৰী কৰে।

‘তেওঁ য’তে আছে তাতে ধৰা হ’ব। দৰকাৰ হ’লে মুম্বাইলৈ আমাপ টীম যাব।’ আৰক্ষী সঞ্চালক প্ৰধানে লগতে কয়।

ৰাজনৈতিক নেতাৰ পৰা হাইপ্ৰফাইল লোকলৈ সকলোৰে সৈতে ফটো উঠি নিজকে প্ৰভাৱশালী লোক বুলি জাহিৰ কৰা মৃদুপৱনে ২৫ ছেপ্টেম্বৰত তেওঁৰ কাহিলিপাৰাৰ ঘৰত আৰক্ষীয়ে তালাচী চলাবলৈ যোৱাৰ সময়তে পলায়ন কৰিছিল।

আৰক্ষীয়ে প্ৰবঞ্চক মৃদুপৱন নেওগৰ ঘৰৰ পৰা জব্দ কৰিছিল পিস্তল, বহু পৰিমাণৰ সোণ, ষ্টাম্প পেপাৰ, বহু নথি-পত্ৰ আদি।

নেওগৰ বিৰুদ্ধে নেহাৰ কাৰ বজাৰে ৰুজু কৰিছিল নগাঁৱত গোচৰ। গাড়ী বিক্ৰীৰ নামত ৩০লাখ টকা প্ৰৱঞ্চনা কৰিছিল প্ৰৱঞ্চক যুৱকজনে।

লগতে পঢ়ক : কাৰ্বি আংলঙত ২.৫ কোটি টকাৰ হেৰোইন জব্দ; এজন গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply